আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ ৭০খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত শীৰ্ষ ৰাজনীতিক দলসমূহে প্ৰতিদ্বন্দ্বিতা কৰিছে। একেটা পৰ্যায়তে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণ বুধবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। সন্ধিয়া ৬.৩০ বজাত অন্ত পৰিব ভোটগ্ৰহণ পৰ্বৰ। কোনে দখল কৰিব দিল্লীৰ শাসন ক্ষমতা? ক্ষমতা নিজৰ হাতত ৰখাৰ বাবে আপ্ৰাণ চেষ্টা আম আদমি পাৰ্টিৰ। আপৰ মূল প্ৰতিদ্বন্দ্বীৰূপে অৱতীৰ্ণ বিজেপি, কংগ্ৰেছৰ প্ৰাৰ্থী। আপক উৎখাত কৰি দিল্লী দখলৰ চেষ্টা বিজেপিৰ । এটা দশকৰৰ মূৰত দিল্লীৰ ক্ষমতা লাভৰ চেষ্টা চলাইছে কংগ্ৰেছেও। প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱালকে ধৰি শীৰ্ষ নেতাই সকলো ভোটাৰক মুগ্ধ কৰাৰ প্ৰয়াস কৰিছিল। দিল্লীৰ বিধানসভাৰ নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবেই এক সন্মানৰ বিষয়ৰূপে পৰিগণিত হৈছে। শাসনাধিষ্ঠিত আম আদমি পাৰ্টিক ক্ষমতাচ্যুত কৰিবলৈ বিজেপিয়ে যোৱা কেইবামাহ ধৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাই দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। তিনিবাৰকৈ শাসন ক্ষমতা দখল কৰা আম আদমি পাৰ্টিক যিকোনো প্ৰকাৰে উৎখাত কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছিল বিজেপিয়ে। বিজেপিৰ আন শীৰ্ষ নেতৃত্বৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কেইবাদিনো ধৰি দিল্লীৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল। প্ৰতিখন নিৰ্বাচনী সভাতে মুখ্যমন্ত্ৰী শৰ্মাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ লক্ষ্য কৰি লৈছিল। দিল্লীত আপ চৰকাৰে স্থাপন কৰা ‘মহল্লা ক্লিনিক’ক লৈও সৰৱ হৈ পৰিছিল মুখ্যমন্ত্ৰী শৰ্মা। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী শৰ্মাই আপৰ লগতে কেজৰিৱালক আক্ৰমণ কৰি কৈছিল যে এই মহল্লা ক্লিনিক সমূহত চিকিৎসাৰ সামান্য সা–সুবিধাও নাই। দিল্লীত এনে ক্লিনিকৰ পৰিৱৰ্তে চিকিৎসা মহাবিদ্যালয়ৰহে প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী শৰ্মাই ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলাইছিল। আনহাতে, বিজেপিৰ লগতে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালেও দীৰ্ঘদিনৰ মূৰত কাৰাগাৰৰ পৰা মুক্ত হৈ দিল্লীৰ নিৰ্বাচনত ব্যস্ত হৈ পৰিছিল। কেজৰিৱালে দাবী কৰা মতে, এইবাৰৰ নিৰ্বাচনত আপে ৫৫খন আসন লাভ কৰিবলৈ সক্ষম হ’ব। ২০১৫ চনত আপে ৬৭খন আৰু ২০২০ত ৬২খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালভাৱে কংগ্ৰেছেও দিল্লীৰ ক্ষমতা দখলৰ বাবে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। নতুন দিল্লী সমষ্টিত প্ৰতিদ্বন্দ্বিতা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। কালকাজী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীয়ে। প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াৰ প্ৰতিদ্বন্দ্বিতা জাংপুৰা সমষ্টিত। কংগ্ৰেছৰ অলকা লাম্বাৰ প্ৰতিদ্বন্দ্বিতা আতিশীৰ বিৰুদ্ধে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীৰূপে থিয় হৈছে ৰমেশ বিধুৰী। কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ পাৰভেছ বাৰ্মাই। ইয়াৰোপৰি তিনিওটা প্ৰধান দলৰ কেইবাজনো প্ৰভাৱশালী প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিধানসভাৰ নিৰ্বাচনত। এইবাৰৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা প্ৰায় ৭০০। দিল্লীৰ মুঠ ৭০ সমষ্টিৰ ভিতৰত ৫৮টা হৈছে সাধাৰণ শ্ৰেণীৰ বাবে আৰু ১২টা সমষ্টি অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। দিল্লীৰ মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৫৫ লাখ ২৪,৮৫৮। এইবাৰ দিল্লীত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৩,০৩৩টা। আজি ভোটগ্ৰহণ কৰা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব অহা ৮ ফেব্ৰুৱাৰীত।