উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড, বিপদৰ আগজাননী নেকি?

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। দেশৰ বাণিজ্যিক মহানগৰী মুম্বাইত দৈনিক আক্ৰান্তৰ সংখ্যা মঙলবাৰে প্ৰায় দুগুণ হৈছে। কেৱল মুম্বাইতে বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১,২৪২জন। সোমবাৰে মুম্বাইত ক’ভিডত আক্ৰান্ত হৈছিল ৬৭৬জনলোক।

সোমবাৰতকৈ ৮১শতাংশ বৃদ্ধি পালে মহাৰাষ্ট্ৰত দৈনিক আক্ৰান্তৰ সংখ্যা। সমগ্ৰ মহাৰাষ্ট্ৰত মঙলবাৰে নতুনকৈ আক্ৰান্ত হৈছে ১৮৮১জন। মহাৰাষ্ট্ৰৰ সমান্তৰালকৈ সমগ্ৰ দেশতে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৩,৭১৪জন। মঙলবাৰে দেশত ক’ভিডৰ সংক্ৰমণৰ হাৰ ১.৬২ শতাংশ। আনহাতে ২৪ ঘণ্টাত দেশত ৭ জনকৈ লোকেৰ মৃত্যু হৈছে ক’ভিডত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...