দেশত ক্ৰমাৎ নিয়ন্ত্ৰণহীন হৈ পৰিছে কৰ’না সংক্ৰমণ!

দেশত ক্ৰমাৎ নিয়ন্ত্ৰণহীন হৈ পৰিছে কৰ’না সংক্ৰমণ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ২ লাখ ৭১ হাজাৰ ২০২জন। শনিবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা ২,৩৬৯জন বৃদ্ধি পাইছে।

এই সময়চোৱাত প্ৰাণ হেৰুৱাইছে ৩১৪জন ক’ভিড ৰোগীয়ে। আৰোগ্য লাভ কৰিছে ১ লাখ ৩৮ হাজাৰ ৩৩১জন লোকে। সম্প্ৰতি দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫ লাখ ৫০ হাজাৰ ৩৭৭জন। দৈনিক পজিটিভিটিৰ হাৰ হৈছে ১৬.২৮ শতাংশ।

ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে অ’মিক্ৰনৰ সংক্ৰমণো। শেহতীয়া তথ্য অনুসৰি বৰ্তমান দেশত অ’মিক্ৰন সংক্ৰমিত লোকৰ সংখ্যা ৭ হাজাৰ ৭৪৩জন। দেশৰ ২৮খন ৰাজ্যত প্ৰাদুৰ্ভাৱ ঘটিছে অ’মিক্ৰনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...