দেশত ক্ৰমাৎ নিয়ন্ত্ৰণহীন হৈ পৰিছে কৰ’না সংক্ৰমণ!

দেশত ক্ৰমাৎ নিয়ন্ত্ৰণহীন হৈ পৰিছে কৰ’না সংক্ৰমণ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ২ লাখ ৭১ হাজাৰ ২০২জন। শনিবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা ২,৩৬৯জন বৃদ্ধি পাইছে।

এই সময়চোৱাত প্ৰাণ হেৰুৱাইছে ৩১৪জন ক’ভিড ৰোগীয়ে। আৰোগ্য লাভ কৰিছে ১ লাখ ৩৮ হাজাৰ ৩৩১জন লোকে। সম্প্ৰতি দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫ লাখ ৫০ হাজাৰ ৩৭৭জন। দৈনিক পজিটিভিটিৰ হাৰ হৈছে ১৬.২৮ শতাংশ।

ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে অ’মিক্ৰনৰ সংক্ৰমণো। শেহতীয়া তথ্য অনুসৰি বৰ্তমান দেশত অ’মিক্ৰন সংক্ৰমিত লোকৰ সংখ্যা ৭ হাজাৰ ৭৪৩জন। দেশৰ ২৮খন ৰাজ্যত প্ৰাদুৰ্ভাৱ ঘটিছে অ’মিক্ৰনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...