চীনৰ বিজ্ঞানীৰ দাবীয়ে টোপনি হৰিছে বিশ্ববাসীৰ, NeoCov আক্ৰান্ত ৩জনৰ এজনৰ ঘটে মৃত্যু

ৱুহানৰ একাংশ বিজ্ঞানীৰ দাবীয়ে পুনৰ বিশ্ববাসীক উদ্বিগ্ন কৰি তুলিছে। ক’ভিডৰ নতুন প্ৰজাতিয়ে ভয়াৱহ ৰূপ ল’ব পৃথিৱীত। ক’ভিডৰ এই সংক্ৰমণৰ ফলত প্ৰতি ৩জন ৰোগীৰ ভিতৰত এজনৰ মৃত্যু হ’ব। দক্ষিণ আফ্ৰিকাত পোৱা নতুন ভেৰিয়েণ্টক লৈ চিন্তিত হৈ পৰিছে চিকিত্সা বিজ্ঞানীসকল।
অ’মিক্ৰনৰ পিছত ক’ভিডৰ নতুন প্ৰকাৰ যাক নাম দিয়া হৈছে নিওকভে। ৱুহানৰ বিজ্ঞানীসকলৰ দাবী নস্যাত্ কৰিব নোৱাৰি, কিয়নো চীনৰ ৱুহান চহৰৰ পৰাই আৰম্ভ হৈছিল ক’ভিডৰ ত্ৰাস। দক্ষিণ আফ্ৰিকাত পোৱা এই প্ৰজাতিৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ দুয়োটাই বহুত বেছি। প্ৰতি ৩জন ৰোগীৰ ভিতৰত এজনৰ মৃত্যু হ’ব পাৰে।
ৰাছিয়াৰ সংবাদ সংস্থা স্পুটনিকৰ মতে এই ভেৰিয়েণ্ট কোনো নতুন নহয়। ক’ভিডৰ এই প্ৰকাৰটো MERSOV ভাইৰাছৰ সৈতে সম্পৰ্কিত। এনেধৰণৰ ৰোগী ২০১২ আৰু ২০১৫ চনত পশ্চিম এছিয়াৰ দেশসমূহত পোৱা গৈছিল বুলি দাবী কৰিছে। দক্ষিণ আফ্ৰিকাত এই নিওকভ প্ৰকাৰটো প্ৰথমে জন্তুৰ গাত দেখা গৈছিল।
bioRxiv ৱেবছাইটত প্ৰকাশিত গৱেষণা অনুসৰি, নিওকভ আৰু সহযোগী ভাইৰাছ PDF-2180-CoVয়ে মানুহক সংক্ৰমিত কৰিব পাৰে। ৱুহান বিশ্ববিদ্যালয় আৰু চীনৰ বিজ্ঞান একাডেমীৰ গৱেষকসকলৰ মতে এই নতুন ক’ভিড ভাইৰাছ মানৱ কোষক সংক্ৰমিত কৰিবলৈ কেৱল এটা পৰিৱৰ্তনৰ প্ৰয়োজন।
ৰাছিয়াৰ ভাইৰোলজি আৰু জৈৱ প্ৰযুক্তি বিভাগৰ মতে এই মুহূৰ্তত এই প্ৰকাৰটো মানুহলৈ বিয়পি পৰাৰ ক্ষমতা কম। আমি ইয়াৰ সম্ভাৱনা আৰু বিপদাশংকাৰ বিষয়ে পৰীক্ষা কৰা উচিত।
ইফালে বিশ্বজুৰি অ’মিক্ৰন বা বি.এ.2ৰ সংহাৰৰ ফলত সমগ্ৰ পৃথিৱীতে ত্ৰাস অব্যাহত আছে। এই উপ-প্ৰকাৰৰ পৰাও অধিক বিপদাশংকা আছে, কিয়নো RTPCR পৰীক্ষাই ইয়াক ধৰিব নোৱাৰে। এতিয়ালৈকে এই নতুন উপ-প্ৰকাৰটোৱে ভাৰতকে ধৰি ৪০খন দেশক প্ৰভাৱিত কৰিছে। ইয়াৰ লগতে ধাৰণা কৰা হৈছে যে এই ভেৰিয়েণ্ট বিশ্বৰ আন প্ৰান্তলৈ অতি দ্ৰুতগতিত বিয়পিব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি মুহূৰ্ততে ইয়াক পৰ্যালোচনা কৰি আছে। নতুন ভেৰিয়েণ্ট সন্দৰ্ভত কাৰিকৰী পৰামৰ্শদাতা গোটে ইয়াৰ বিতং বিশ্লেষণ কৰিব। এই গোটটোৰ পৰামৰ্শৰ পিছতহে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত বা তথ্য আনুষ্ঠানিকভাবে প্ৰকাশ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...