নিৰ্বাচনৰ পূৰ্বে বিহাৰত ছেনিটেৰী পেড বিতৰণ কৰিব কংগ্ৰেছে! ‘পেডমেন’ অৱতাৰত ৰাহুল গান্ধী

চলিত বছৰৰ শেষৰ ফালে বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে এতিয়ালৈকে দিন-তাৰিখ ঘোষণা কৰা নাই, কিন্তু নিৰ্বাচনী ৰণডংকা ইতিমধ্যে বাজি উঠিছে। প্ৰস্তুতিও তুংগত। সকলোৱে নিজৰ নিজৰ ধৰণে ভোটাৰক আকৰ্ষিত কৰাৰ কৌশল প্ৰস্তুত কৰিছে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছে বিহাৰত কেইবাটাও কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। তাৰে এটা হ’ল— বিহাৰত পাঁচ লাখ মহিলাক ছেনিটেৰী পেড বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি। কিন্তু কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ বিহাৰৰ ৰাজনীতিত বিতৰ্কৰ সৃষ্টি হৈছে।

বিতৰ্কৰ কাৰণ হ’ল, কংগ্ৰেছে যি ছেনিটেৰী পেড মহিলাৰ হাতত তুলি দিব বুলি প্ৰতিশ্ৰুতি দিছে, সেই পেকেটত থাকিব ৰাহুল গান্ধীৰ ছবি! পেকেটৰ ওপৰত লিখা থাকিব ‘মা-ভনীৰ সম্মান যোজনা’। ইয়াৰ উপৰিও, অভাৱী মহিলাৰ সহায়ৰ বাবে প্ৰতি মাহে আঢ়ৈ হাজাৰ টকাকৈ দিয়াৰো প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে।

শুকুৰবাৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ কুমাৰে বিহাৰৰ নিৰ্বাচনক আগত ৰাখি কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰে। তেওঁ কয়, “বিহাৰত আমি মহিলাৰ বাবে বিশেষ প্ৰস্তুতি লৈছো। মহিলাসকলক ছেনিটেৰী পেড দিয়া হ’ব। এই ছেনিটেৰী পেডসমূহ আমাৰ দলে প্ৰতিগৰাকী মহিলাৰ হাতত দিব।”

কিন্তু ছেনিটেৰী পেডৰ পেকেটত ৰাহুল গান্ধীৰ ছবি থকাৰ কথা লৈ বিজেপিয়ে আপত্তি তুলিছে। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীৰ দাবী, ছেনিটেৰী পেডত ৰাহুল গান্ধীৰ ছবি দি কংগ্ৰেছে মহিলাসকলৰ অপমান কৰিছে। তেওঁলোক নাৰীবিৰোধী দল। বিহাৰৰ মহিলাসকলে কংগ্ৰেছ আৰু আৰজেডিক শিক্ষা দিব।

এই বিতৰ্কই বিহাৰৰ নিৰ্বাচনী পৰিৱেশক আৰু উত্তপ্ত কৰিছে। কংগ্ৰেছৰ এই কাৰ্যসূচীয়ে ভোটাৰৰ মন জয় কৰিব নে, বিপৰীতে সমালোচনাৰ মুখত পৰিব, সেয়া সময়েহে ক’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...