লোকসভা নিৰ্বাচনক লৈ আৰম্ভ কংগ্ৰেছৰ কুচকাৱাজ

বৃহস্পতিবাৰৰ পৰা লোকসভা নিৰ্বাচনক লৈ দলীয় কাম-কাজ আৰম্ভ কৰিলে বিৰোধী দল কংগ্ৰেছে। AICCৰ নেতা জীতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত চলিল দিনযোৰা বৈঠক। আনহাতে AIUDFৰে মিত্ৰতাক লৈও স্থিতি স্পষ্ট কৰিলে সিঙে। চাওক এই ৰিপৰ্ট…

ৰাজীৱ ভৱনত ঢোলৰ গুমগুমনি

ঢুলীয়াৰ ৰূপত জীতেন্দ্ৰ সিং

লোকসভা নিৰ্বাচনক লৈ আৰম্ভ কংগ্ৰেছৰ কুচকাৱাজ

আগন্তুক লোকসভা নিৰ্বাচনক লৈ শাসকীয়ৰ সমানেই এতিয়া সাজু হৈছে বিৰোধী দল কংগ্ৰেছ। বৃহস্পতিবাৰে দুদিনীয়া দলীয় কাৰ্যসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হ’ল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা তত্বাৱধায়ক জীতেন্দ্ৰ সিং। বিহু হুঁচৰিৰে AICCৰ নেতৃত্বক উষ্ম আদৰণি জনাই প্ৰদেশ কংগ্ৰেছে। অসমৰ বিহু উপভোগ কৰি প্ৰশংসাত পঞ্চমুখ জীতেন্দ্ৰ সিং। বিহু উপভোগৰ মাজতে এনেদৰে কান্ধত ঢোল লৈ চাপৰো মাৰিলে নেতাজনে।

ইতিমধ্যে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিক লৈ প্ৰতিটো দলেই প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণনীতি। সেয়ে পিছ পৰি থাকিব বিচৰা নাই প্ৰদেশ কংগ্ৰেছো। দলীয় অন্তকন্দল তথা নিৰ্বাচনত চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱা স্বত্বেও আশা এৰা নাই কংগ্ৰেছে। সেয়ে, গুৱাহাটীত কংগ্ৰেছে আয়োজন কৰিছে দুদিনীয়া বৈঠক।

ৰাজীৱ ভৱনত আৰম্ভ হোৱা এই নিৰ্বাচনী পৰ্যালোচনাত লোকসভা সমষ্টিসমূহৰ সাংগঠনিক দিশ,সমস্যা তথা কৰিবলগীয়া কামৰ ওপৰত মতামত লয় AICCৰ নেতৃত্বই। বৃহস্পতিবাৰে শিলচৰ,কৰিমগঞ্জ,ধুবুৰী,ডিফু আৰু কোকৰাঝাৰ সমষ্টিক লৈ হ’ল আলোচনা।

শুকুৰবাৰে ডিব্ৰুগড়,যোৰহাট,লখিমপুৰ,তেজপুৰ,মঙ্গলদষ আৰু গুৱাহাটী সমষ্টিক লৈ হ’ব আলোচনা। বৈঠকৰ পূৰ্বে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে জীতেন্দ্ৰ সিঙে। বিশেষকৈ কংগ্ৰেছে পৃষ্ঠপোষকতা কৰা বিৰোধী ঐক্যত AIUDF চামিল হ’ব নে নাই তাক লৈ স্থিতি স্পষ্ট কৰিলে AICCৰ সাধাৰণ সম্পাদকজনে। সিঙৰ ঘোষণা- ‘AIUDFৰ সৈতে সম্পৰ্ক নাই কংগ্ৰেছৰ’।

পিছে জীতেন্দ্ৰ সিঙৰ এই ঘোষণাৰ পিছতো কংগ্ৰেছক এৰি থাকিবলৈ অনিচ্ছুক AIUDF। কংগ্ৰেছক লৈ যেন অভিমানহে বাঢ়িছে AIUDFৰ। বিৰোধীক এক কৰিবলৈ তৎপৰ হোৱা BIG BROTHER কংগ্ৰেছক লৈ এইবাৰ প্ৰতিক্ৰিয়া দিলে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই।

‘বিভীষণ চিনাক্তকৰণৰ মিটিং পাতিছে প্ৰদেশ কংগ্ৰেছে’

‘বিভীষণ বাহিৰ হ’লেহে আমি মিত্ৰতাৰ দিশে আগবাঢ়িম’

কৰিমউদ্দিন বৰভূঞাৰ এই মন্তব্যৰ সমান্তৰালকৈ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া–

‘নিৰ্বাচনত ক্ষতি কৰা দলক লৈ বিৰোধী ঐক্য কৰিব বিচাৰিছে কংগ্ৰেছে’

কংগ্ৰেছ-AIUDFৰ এই কণ্ডল দেখি এইবাৰ মাত মাতিছে শাসকীয় বিজেপিয়েও। বিৰোধী ঐক্যৰ প্ৰসংগত AIUDFক লগত ল’বলৈ ক’লে বিজেপি বিধায়ক দিগন্ত কলিতাই।

‘AIUDF অবিহনে নিৰ্বাচন খেলিব নোৱাৰে কংগ্ৰেছে’

‘সময়ত মিত্ৰতা হ’বই কংগ্ৰেছ-AIUDFৰ’

এতিয়া এনেদৰেই ২৪ৰ নিৰ্বাচন তথা মিত্ৰতা প্ৰসংগত জমি উঠিছে দিছপুৰৰ ৰাজনীতি। আনহাতে বৃহস্পতিবাৰৰ দিনযোৰা বৈঠকৰ অন্তত বিয়লি হোটেল লিলিত ১০ টা বিৰোধী ৰাজনৈতিক দলৰে ৰুদ্ধদ্বাৰ বৈঠকত বহিছে কংগ্ৰেছ। এতিয়া কেৱল বিজেপিক পৰাভূত কৰিবলৈয়ে বিৰোধী ঐক্য গঠন কৰা কংগ্ৰেছে AIUDFক এঘৰীয়া কৰাৰ পিছত ৰাজ্যৰ ৰাজনীতিয়ে কি গতি লয় সেয়া হ’ব অতি লক্ষণীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...