কয়লা মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, জালত ইমৰুল হুছেইন বৰভূঞা

কয়লা মাফিয়াৰ বিৰুদ্ধে কাছাৰত আৰক্ষীৰ অভিযান অব্যাহত আছে৷ নিশা গ্ৰেপ্তাৰ কৰা হৈছে আন এজন কয়লা দালাল ইমৰুল হুছেইন বৰভূঞা৷ কাটিগড়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইমৰুল হুছেইন বৰভূঞা নামৰ কয়লা দালালটোক৷ নিশাৰ আন্ধাৰত অবৈধ কয়লাভৰ্তি বাহন দিগৰখালত থকা ত্ৰিস্তৰীয় চেকগে’ট পাৰ কৰি দিয়াৰ নামত ধন আদায় কৰিছিল ইমৰুলে। যোৱা বুধবাৰৰ নিশা কয়লাভৰ্তি PB11 BN 5655 নম্বৰৰ এখন বাহন জব্দ হোৱাৰ পিছত গাড়ীচালক ৰাকেশ কুমাৰ সিঙে আৰক্ষীক জনাইছিল যে ইমৰুল নামৰ এজন যুৱকে তেওঁৰ পৰা ৬ হেজাৰ টকা লৈ পাৰ কৰাই দিছিল চেকগে’ট। চালকজনৰ ভাষ্যৰ ভিত্তিত নিশা ইমৰুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...