কয়লা মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, জালত ইমৰুল হুছেইন বৰভূঞা

কয়লা মাফিয়াৰ বিৰুদ্ধে কাছাৰত আৰক্ষীৰ অভিযান অব্যাহত আছে৷ নিশা গ্ৰেপ্তাৰ কৰা হৈছে আন এজন কয়লা দালাল ইমৰুল হুছেইন বৰভূঞা৷ কাটিগড়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইমৰুল হুছেইন বৰভূঞা নামৰ কয়লা দালালটোক৷ নিশাৰ আন্ধাৰত অবৈধ কয়লাভৰ্তি বাহন দিগৰখালত থকা ত্ৰিস্তৰীয় চেকগে’ট পাৰ কৰি দিয়াৰ নামত ধন আদায় কৰিছিল ইমৰুলে। যোৱা বুধবাৰৰ নিশা কয়লাভৰ্তি PB11 BN 5655 নম্বৰৰ এখন বাহন জব্দ হোৱাৰ পিছত গাড়ীচালক ৰাকেশ কুমাৰ সিঙে আৰক্ষীক জনাইছিল যে ইমৰুল নামৰ এজন যুৱকে তেওঁৰ পৰা ৬ হেজাৰ টকা লৈ পাৰ কৰাই দিছিল চেকগে’ট। চালকজনৰ ভাষ্যৰ ভিত্তিত নিশা ইমৰুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...