বিহুৰ দ্বাৰা বিশ্বৰ অন্যতম সমাদৃত এক মহোৎসৱ গঢ়ি তোলাৰ সমল আছে : মুখ্যমন্ত্রী

সৰ্ববৃহৎ বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীসকলৰ প্ৰশিক্ষকসকললৈ প্ৰমাণপত্ৰ তথা মাননি প্ৰদান কৰিলে মুখ্যমন্ত্রীয়ে

অসমত আজি এক ইতিবাচক জন আন্দোলনৰ সূচনা হৈছে – মুখ্যমন্ত্ৰী

অকল বিহুৰ জৰিয়তেই বিশ্বৰ অন্যতম সমাদৃত এক মহোৎসৱ অসমত গঢ়ি তোলাৰ সমল আছে : মুখ্যমন্ত্রী

১০ হাজাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পৰাকৈ শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে গহপুৰত স্থাপন হ’ব এখন বিশ্ববিদ্যালয় : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এখন বাকৰিত আয়োজিত সৰ্ববৃহৎ বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীসকলৰ প্ৰশিক্ষকসকললৈ কৃতজ্ঞতা তথা সন্মানৰ চিনস্বৰূপে একোখনকৈ প্ৰমাণপত্ৰ আৰু ২৫ হাজাৰ টকাকৈ মাননি আগবঢ়ায়।

উল্লেখ্য যে, এই বিহুনৃত্যত অংশগ্ৰহণ কৰা ৰাজ্যৰ ১১ হাজাৰ ৩৩৯ গৰাকী বিহুৱা-বিহুৱতীক ইতিপূৰ্বে ৰাজ্যজুৰি অনুষ্ঠিত কাৰ্যসূচীত প্ৰমাণপত্ৰ প্ৰদানৰ লগতে তেওঁলোকৰ প্রত্যেককে ৰাজ্য চৰকাৰে মাননি প্ৰদান কৰিছে। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীয়ে বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীসকলৰ প্ৰশিক্ষণ প্ৰদান কৰা ৩৮৪গৰাকী প্ৰশিক্ষকলৈ এই মানপত্ৰ আৰু মাননি প্ৰদান কৰে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়াটো অসমৰ সাংস্কৃতিৰ জীৱনধাৰাৰ বাবে এক মাইলৰ সুঁতি হৈ ৰ’ল। বাপতিসাহোন বিহুৰে এই অভিলেখ গঢ়াৰ জৰিয়তে বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ এনেধৰণৰ কাৰ্যসূচীসমূহ এক জন আন্দোলন বুলিও অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ইতিবাচকভাৱে কৰা কামসমূহেই হৈছে জন আন্দোলন। অসমত যথেষ্ট সমল তথা সম্পদ আছে আৰু এক ইতিবাচক মানসিকতা লৈ আগবাঢ়িলে অসমে বিশ্ব বিজয় কৰিব পাৰিব বুলি আশা প্রকাশ কৰি তেওঁ লগতে কয় যে, ৰাজ্যৰ যুৱক-যুৱতীসকলক ইতিবাচক দিশেৰে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে সাংস্কৃতিক মহাৰণ আৰু ক্ৰীড়া মহাসংগ্ৰামৰ আয়োজন কৰিব। অসমৰ প্ৰতিখন গাঁৱৰ পৰা যুৱক-যুৱতীসকল আহি পঞ্চায়ত পৰ্যায়ত ছয়টা শাখাত সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত ব্লক, সমষ্টি, জিলা আৰু ৰাজ্যিক ভিত্তিত সাংস্কৃতিক মহাৰণ অনুষ্ঠিত হ’ব। এই সাংস্কৃতিক মহাৰণত ১৪ লাখ যুৱক-যুৱতীয়ে অংশগ্রহণ কৰিব বুলিও তেওঁ সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ৰাজ্য চৰকাৰে ক্ৰীড়া মহাসংগ্রাম অনুষ্ঠিত কৰাৰ বাবেও পদক্ষেপ গ্রহণ কৰিছে। এই ক্রীড়া মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ পাঁচখন জিলাত অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ কয়। ক্রীড়া মহাসংগ্ৰামত ৩২ লাখ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, মেৰী মাটি-মেৰা দেশ নামেৰে আন এক কাৰ্যসূচী হাতত লৈছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এই কাৰ্যসূচী সফল কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে বুলিও তেওঁ কয়। অহা ২২ ডিচেম্বৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মহান শহীদ কনকলতা বৰুৱাৰ ১০০ তম জন্মজয়ন্তী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অসমীয়া নাৰীৰ বীৰত্ব, সাহস, শৌর্য-বীৰ্ষৰ প্ৰতীক কনকলতা বৰুৱাৰ স্মৃতিত গহপুৰত ১০ হাজাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পৰাকৈ এখন বৃহৎ বিশ্ববিদ্যালয় গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে। গণতন্ত্ৰত চৰকাৰ এখন সংবেদনশীল হ’লে জনসাধাৰণে ইতিবাচক মনোভাৱেৰে আগবাঢ়ে। সেয়ে অসমৰ আভ্যন্তৰীণ যি শক্তি আছে তাক বিকশাই তোলাৰ বাবে প্ৰয়াস আৰম্ভ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ২০২৬ চনৰ আগতে নতুন দিল্লীত ২৫ হাজাৰ যুৱক-যুৱতীৰে আন এক বৃহৎ বিহু প্ৰদৰ্শনৰ বাবে থকা তেওঁৰ ইচ্ছাৰ কথাও অনুষ্ঠানত ব্যক্ত কৰে। বিহুৰ মাজেৰে আমাৰ সাংস্কৃতিৰ সৰলতা প্রকাশ পায় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বিহুৰে বৃহৎ পৰিসৰত মহোৎসৱ অনুষ্ঠিত কৰাৰ সুযোগ আছে আৰু ইয়াৰ জৰিয়তে বিশ্ব পৰ্যটকক আকৰ্ষণ কৰিব পৰা যাব। তেওঁ লগতে মন্তব্য কৰে যে অকল বিহুৰ জৰিয়তেই বিশ্বৰ অন্যতম সমাদৃত এক মহোৎসৱ অসমত গঢ়ি তোলাৰ সমল আছে। মুখ্যমন্ত্রীয়ে কয় যে, নতুন দিল্লীত ৪০০ সংখ্যক জয়ন্তী পালনৰ পিছত শিৱাজীৰ লেখীয়াকৈ আজি ৰাষ্ট্ৰীয় স্তৰত মহাবীৰ লাচিত বৰফুকনৰ নাম উল্লেখ হ’বলৈ আৰম্ভ কৰিছে। অহা ফেব্ৰুৱাৰী মাহত হোলোঙাপাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলিও তেওঁ সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, বর্তমান অসমে বিজয় যাত্ৰাত আগুৱাই গৈছে। বিহুৱে ইয়াক আৰু অধিক মহিয়ান কৰি তুলিছে। বিহু প্রশিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰশিক্ষকসকলৰ কষ্ট, উৎসাহ আৰু প্ৰেৰণাৰ জৰিয়তে এনে এক জাকতজিলিকা পর্যায়লৈ বিহুক লৈ যাব পৰা হৈছে।

এই অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংস্কৃতিক আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, সাংসদ কুইন ওজা, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...