MNCত কভিডৰ জাল, ২২ ডিচেম্বৰলৈ বন্ধ পাঠদান

কভিডৰ হটস্পট হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ। প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়। তাৰ পিছত বি বৰুৱা কলেজৰ পিছত দিছপুৰ কলেজত পোৱা গৈছিল কভিডৰ সংক্ৰমণ। এইবাৰ নলবাৰীৰ স্ত্ৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ MNC বালিকা বিদ্যাপীঠত ক’ৰণাতংক। মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠত ৩গৰাকীৰ দেহত পোৱা গৈছে কভিড পজিটিভ। হাফিজুন নেচা আৰু চেলিমা চুলতানা নামৰ দুই শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ। ইয়াৰ লগতে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ দেহতো ধৰা পৰিছে কভিড পজিটিভ। বিদ্যালয়খনৰ মুঠ ৩গৰাকীৰ দেহত পোৱা গৈছে কভিড পজিটিভ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ৭ দিনলৈ বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত বিদ্যালয় কৰ্তৃপক্ষৰ। ২২ ডিচেম্বৰ বুধবাৰলৈ বন্ধ থাকিব বিদ্যালয়খনৰ পাঠদান। মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠত কভিড ধৰা পৰাৰ পিছতে নলবাৰীত আতংকিত হৈ পৰিছে একাংশ ছাত্ৰ-ছাত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...