MNCত কভিডৰ জাল, ২২ ডিচেম্বৰলৈ বন্ধ পাঠদান

কভিডৰ হটস্পট হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ। প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়। তাৰ পিছত বি বৰুৱা কলেজৰ পিছত দিছপুৰ কলেজত পোৱা গৈছিল কভিডৰ সংক্ৰমণ। এইবাৰ নলবাৰীৰ স্ত্ৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ MNC বালিকা বিদ্যাপীঠত ক’ৰণাতংক। মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠত ৩গৰাকীৰ দেহত পোৱা গৈছে কভিড পজিটিভ। হাফিজুন নেচা আৰু চেলিমা চুলতানা নামৰ দুই শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ। ইয়াৰ লগতে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ দেহতো ধৰা পৰিছে কভিড পজিটিভ। বিদ্যালয়খনৰ মুঠ ৩গৰাকীৰ দেহত পোৱা গৈছে কভিড পজিটিভ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ৭ দিনলৈ বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত বিদ্যালয় কৰ্তৃপক্ষৰ। ২২ ডিচেম্বৰ বুধবাৰলৈ বন্ধ থাকিব বিদ্যালয়খনৰ পাঠদান। মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠত কভিড ধৰা পৰাৰ পিছতে নলবাৰীত আতংকিত হৈ পৰিছে একাংশ ছাত্ৰ-ছাত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...