ছৈয়দা হামিদৰ বিতৰ্কিত মন্তব্যৰ ওপৰত অসম নাগৰিক সন্মিলনৰ প্ৰতিক্ৰিয়া

কালি বিয়লি অসম নাগৰিক সন্মিলনৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সভাখনত অংশগ্রহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত পূৰ্বৰ পৰিকল্পনা আয়োগৰ সদস‍্যা ছৈয়দা হামিদে কোৱা কথাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত অসম নাগৰিক সন্মিলনৰ হৈ অজিত কুমাৰ ভূঞা আৰু পৰেশ মালাকাৰে এটা স্পষ্টীকৰণ দি কয় যে সভাত একাংশ বাতৰি কাকতে প্রকাশ কৰা ধৰণৰ কোনো বিতৰ্কিত মন্তব‍্য শ্ৰীমতী হামিদে কৰা নাছিল। সভাৰ শেষত সাংবাদিকৰ আগত কি প্ৰসংগত তেওঁ কি কৈছিল সেইটো তেওঁৰ ব‍্যক্তিগত মতামত, তাৰ লগত অসম নাগৰিক সন্মিলনৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে কয় “বিদেশী নাগৰিকৰ প্রশ্নত আমাৰ মতামত স্পষ্ট। এই ক্ষেত্ৰত অসম চুক্তি আমাৰ কাৰণে শিলৰ ৰেখা। আমি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু-মুছলিম নিৰ্বিশেষে সকলো বিদেশীক অসমৰ পৰা আইনী প্রক্রিয়াৰ যোগেদি বহিষ্কাৰ কৰাটো বিচাৰোঁ। আমাৰ স্পষ্ট মত – অসমীয়া আৰু অন্যান্য জাতি – জনজাতিক সুৰক্ষা দিয়াৰ কাৰণে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰি দিয়া কমিটিৰ প্রতিবেদন চৰকাৰে শীঘ্রে কাৰ্যকৰী কৰক।” তেওঁলোকে শেষত কয়, “ ‘কা’ৰ যোগেদি হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিদেশী নাগৰিক সন্দৰ্ভত মতামত দিয়াৰ কোনো নৈতিক অধিকাৰ নাই।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...