সন্তান জন্ম হ’লেই চৰকাৰে দিব নগদ ধন! জনসংখ্যা বৃদ্ধিৰ বাবে চীনৰ নতুন কৌশল, কিমান টকা পাব?

চীনৰ চৰকাৰে দেশৰ জনসংখ্যা বৃদ্ধিৰ বাবে নতুন কৌশল গ্ৰহণ কৰিছে। যিসকলৰ পৰিয়ালত সন্তান জন্ম হ’ব, তেওঁলোকক হাতে হাতে নগদ ধন দিয়াৰ পৰিকল্পনা কৰা হৈছে। শীঘ্ৰেই সন্তান জন্মৰ ক্ষেত্ৰত আঁচনি ঘোষণা কৰিব চীন চৰকাৰে। বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিক ৰক্ষা কৰাৰ বাবেই এই পদক্ষেপ।

দীৰ্ঘদিন ধৰি চীনে জনসংখ্যা হ্ৰাসৰ সমস্যাত ভুগি আছে। সূত্ৰৰ খবৰ অনুসৰি, চীনত কৰ্মক্ষম লোকৰ সংখ্যা যথেষ্ট কমি আহিছে। দম্পতিসকলে সন্তান পালনৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে আৰু সঞ্চয়ৰ প্ৰতি অধিক মনোযোগী হৈছে। এটা সময়ত বৰ্ধিত জনসংখ্যাই চীনৰ অন্যতম ডাঙৰ সমস্যা হৈ পৰিছিল। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা হাতত ল’বলগীয়া হৈছিল। ২০১৬ চনলৈকে চীনত এক সন্তান নীতি প্ৰচলিত আছিল, অৰ্থাৎ এটা দম্পতি এজনতকৈ অধিক সন্তান গ্ৰহণ কৰিব নোৱাৰিছিল। কিন্তু ২০১৬ চনত বেইজিঙে এক নতুন নীতি গ্ৰহণ কৰে আৰু দম্পতিসমূহক অধিক সন্তান গ্ৰহণৰ বাবে উৎসাহিত কৰা হয়। তথাপিও, তাৰ পিছৰে পৰা জন্মৰ হাৰ আৰু কমি আহিছে। পৰিসংখ্যা অনুসৰি, ২০১৬ চনত চীনত ১ কোটি ৮৮ লাখ লোকৰ জন্ম হৈছিল, কিন্তু ২০২৪ চনত সেয়া প্ৰায় আধা কমি ৯৫ লাখ হৈছে।

জন্মৰ হাৰ কমি অহাৰ ফলত চীনৰ অৰ্থনীতি সংকটৰ সন্মুখীন হৈছে। সৰ্বাধিক কৰ্মক্ষম বয়সৰ লোকৰ সংখ্যা কমি আহিছে, আনহাতে বৃদ্ধ লোকৰ সংখ্যা বাঢ়িছে। ফলত অৰ্থনীতিত লাভ হোৱা নাই, শ্ৰমিকৰ অভাৱ হৈছে, আৰু উৎপাদনো বৃদ্ধি পোৱা নাই। সূত্ৰৰ খবৰ অনুসৰি, পৰিস্থিতি সলনি কৰিবলৈ চীন চৰকাৰে প্ৰতিজন সন্তানৰ বাবে আঁচনি দিয়াৰ পৰিকল্পনা কৰিছে। প্ৰতিজন সন্তানৰ বাবে বছৰি ৩৬০০ ইউৱান (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৫ হাজাৰ টকা) দিয়া হ’ব পাৰে। চলিত বছৰৰ ১ জানুৱাৰী বা তাৰ পিছৰ পৰা জন্ম হোৱা সন্তানৰ পৰিয়ালে এই ধন পাব। তিনি বছৰলৈ এই আঁচনি অব্যাহত থাকিব। যদিও জিনপিঙে এতিয়ালৈকে এই বিষয়ত আনুষ্ঠানিক ঘোষণা কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...