অহা ডিচেম্বৰৰ ভিতৰত সাজু হৈ উঠিব নতুন বিধানসভা ভৱন

গুৱাহাটী, ২৮ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ দিছপুৰস্থিত নতুন ভৱনটোৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় আৰু অসম বিধানসভাৰ পৰৱর্তী শীতকালীন অধিৱেশন নতুন ভৱনটোতে অনুষ্ঠিত কৰিব পৰাকৈ চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ কৰি তুলিবলৈ লােক নির্মাণ (গৃহ) বিভাগক নির্দেশ দিয়ে।

আজি অসম বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত নির্মীয়মান বিধানসভা ভৱনৰ অৱশিষ্ট নির্মাণ কাৰ্যৰ অগ্রগতি পর্যালােচনা কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ কাম-কাজ খৰতকীয়া কৰি তুলিবলৈ লােক নির্মাণ (গৃহ) বিভাগৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তীক নির্দেশ দিয়ে যাতে নির্ধাৰিত সময়ৰ ভিতৰত ভৱনটোক সাজু কৰি তুলিব পৰা যায়। নতুন বিধানসভা ভৱনটোৰ ভিতৰ অংশৰ আৰ্হিত আনিব খােজা পৰিৱর্তনসমূহ পুনৰ বিবেচনা কৰিবলৈ আৰু যুদ্ধকালীন তৎপৰতাৰে কাম সম্পূর্ণ কৰাৰ বাবে যাৱতীয় প্রশাসনিক অনুমােদন বিচাৰিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ আয়ুক্তগৰাকীক নির্দেশ দিয়ে।

বৈঠকত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নােমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, লােক নির্মাণ (গৃহ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তীৰ লগতে বিভাগটোৰ অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।

1425 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই চলালে তাণ্ডৱ

পুনৰ শিক্ষাৰ্থীৰ হাতত অস্ত্ৰ। টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই...

ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে

ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে। কিৱি বাহিনীয়ে ৭...

কলিয়াবৰত বনৰীয়া ম’হৰ আতংক

কলিয়াবৰত বনৰীয়া ম'হৰ আতংক। কলিয়াবৰ জমখলা গাঁৱত বিচৰণ এটা...

ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড

ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড। পানবাৰী-কাঞ্চকোনাস্থিত বনাঞ্চলত এই অগ্নিকাণ্ড। জুই...