গামোছাত স্বাক্ষৰ কৰি লাভলিনালৈ শুভেচ্ছা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

পেৰিছ অলিম্পিকত অসম কন্যাৰ সফলতাৰ কামনাৰে অসম বক্সিং সন্থাৰ আদৰণীয় পদক্ষেপ

অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা পেৰিছ অলিম্পিকত একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে অংশ ল’ব মহিলা বক্সাৰ লাভলিনা বৰগোহায়ে৷ বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰা লাভলিনাক শুভেচ্ছা জনোৱাৰ বাবে অসম বক্সিং সন্থাই অভিনৱ পদক্ষেপ হাতত লৈছে৷ সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি লাভলিনাক শুভেচ্ছা জনোৱাৰ বাবে এখন বিশেষ গামোছাত ৰাজ্যৰ প্ৰবীন-নবীন খেলুৱৈ-সংগঠক তথা বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছামূলক স্বাক্ষৰ কৰিব আৰু এই গামোছাখন অসম কন্যাক পেৰিছৰ ভূমিত কলিতাই নিজ হাতে অৰ্পনো কৰিব৷ ইতিমধ্যে কালি দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গামোছাখনত প্ৰথমটো স্বাক্ষৰ কৰি অভিযানৰ আৰম্ভণি কৰিছে৷ শীঘ্ৰেই নেহৰু ষ্টেডিয়ামত অসম বক্সিং সন্থাই স্বাক্ষৰ অভিযান আৰম্ভ কৰিব৷ ইফালে, কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সম্প্ৰতি জাৰ্মানীত অনুশীলন কৰি থকা লাভলিনাৰ লগত ভিডিঅ’ ক’লযোগে প্ৰস্তুতিৰ বুজ লয় তথা শুভেচ্চাও জ্ঞাপন কৰে৷

উল্লেখ্য যে বক্সিঙৰ জড়িয়তেই অলিম্পিকৰ মঞ্চত ধাৰাবহিকৰূপত অসমৰ গৌৰৱৰ স্থিতি বৰ্তি আছে৷ ২০১২ ৰ লণ্ডন আৰু ২০১৬ ৰ ৰিঅ’ অলিম্পিকত অসমৰ পুৰুষ বক্সাৰ শিৱ থাপাই দেশক প্ৰতিনিধিত্ব কৰাৰ পাছত ২০২০ ৰ টকিঅ’ অলিম্পিকত অসমৰ প্ৰথম মহিলা হিচাপে লাভলিনাই অংশ লৈছিল তথা অভিষেকতে পদক জয় কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৌৰৱময় সফলতা ৰাজ্যবাসীক দিছিল৷ অসমৰ প্ৰথম ক্ৰীড়াবিদৰূপে সন্মানীয় খেলৰত্ন লাভ কৰা লাভলিনা পেৰিছ অলিম্পিকতো দেশৰ অন্যতম পদক প্ৰত্যাশী এথলীট৷ ক্ৰমাগত চাৰিখন অলিম্পিকলৈ অসমৰ বক্সাৰ প্ৰেৰণ কৰি স্বাভাৱিকতে উৎফুল্লিত ভাৰতীয় বক্সিং ফেডাৰেচনৰো সচিব প্ৰধানৰ দায়িত্বত থকা হেমন্ত কুমাৰ কলিতাই লগতে আশা ব্যক্ত কৰে যে এইবাৰ পেৰিছত লাভলিনাৰ লগতে ভাৰতৰ অন্য বক্সাৰেও পদক জয় কৰিব৷ স্মৰ্তব্য যে আসন্ন অলিম্পিকত লাভলিনাৰ লগতে ছগৰাকী ভাৰতীয় বক্সাৰে দেশক প্ৰতিনিধিত্ব কৰিব৷ বিশ্ব চেম্পিয়নশ্বিপত সোণ লাভ কৰা নিখাত জাৰিন, প্ৰীতি, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অমিত পাংগল তথা জেচমিন আৰু নিশান্ত দেবে পেৰিছৰ বক্সিং ৰিঙত নামিব৷ ইতিমধ্যে ২০০৮ ত বীজেন্দৰ সিং, ২০১২ ত এম চি মেৰীকম আৰু ২০২০ ত লাভলিনাৰ জড়িয়তে ভাৰতীয় বক্সাৰে দেশক তিনিখন অলিম্পিক পদক দিবলৈ সক্ষম হৈছে৷

কালি মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ অনুষ্ঠানত সম্পাদক কলিতাৰ লগতে উপস্থিত থাকে অসম অলিম্পিকৰ দুই জ্যেষ্ঠ সদস্য কল্যান গগৈ, বানীব্ৰত দাস আৰু অসম বক্সিঙৰ যুটীয়া সম্পাদক অশোক বৰুৱা৷

Popular

More like this
Related

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

সমাগত গণৰাজ্য দিৱস । কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা...

আহি আছে বৰষুণ, ২৭ জানুৱাৰীলৈ কুঁৱলীয়ে ঢাকি ধৰিব আকাশ

ৰাজ্যত ঠাণ্ডাৰ সমান্তৰালভাৱে আহিব পাৰে বৰষুণ। পূব বাংলাদেশৰ ফালে...

তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া মুছলিমাৰ

মৰ্মান্তিক ঘটনা। কাছাৰৰ বৰখলাত তামোল গছ পৰি মৃত্যু পাঁচ...

ছইফ আলী খানৰ পৰিয়ালে হেৰুৱাব পূৰ্বপুৰুষৰ সম্পত্তি!

নিজৰ বাসগৃহত অবৈধ বাংলাদেশীৰ হাতত প্ৰহৃত ঘটনাৰ বিষয়ে আপুনি...