২৪ ফেব্ৰুৱাৰীৰ ঝুমইৰ নৃত্যৰ অনুষ্ঠান বিভিন্ন বাগানত পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ মুখ্যমন্ত্ৰীৰ

জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স

অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান সময় নিৰ্দ্ধাৰিতভাৱে সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

আজি জনতা ভৱনস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জিলা আয়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ আৰ্থ-সামাজিক উন্নয়নত উল্লেখযোগ্য ভূমিকা থকা আঁচনিসমূহ ক্রমে অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানকে ধৰি বিভিন্ন বিষয়সমূহ আলোচনা কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছাম ২.০ আৰু ঝুমইৰ নৃত্য অনুষ্ঠানৰ সম্পৰ্কতো আয়ুক্তসকলৰ লগত আলোচনা কৰে।

বৈঠকত মুখ্যমন্ত্রীয়ে প্রতিখন জিলাত জিলা আয়ুক্তসকলৰ পৰা আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে এই আঁচনিসমূহে যাতে ৰাজ্যখনৰ প্ৰতিটো প্রান্তৰে জনসাধাৰণ উপকৃত হ’ব পাৰে সেয়া নিশ্চিত কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে এতিয়াৰে পৰা অৰুণোদয় ৩.০ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সমজিলা আয়ুক্তসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি কয় যে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহৰ সদস্য হিচাপে তেওঁলোকে তৃণমূল পর্যায়ত ইয়াৰ কাৰ্যকৰীকৰণৰ সু-ব্যৱস্থা কৰিব। বৈঠকত ঔদ্যোগিকীকৰণ আৰু মহিলা সবলীকৰণৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতা বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি দুখনৰ ৰূপায়ণ সন্দর্ভতো বিতংভাবে পর্যালোচনা কৰা হয়।

ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশৰ দিশত এই আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাটো সুনিশ্চিত কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযান সময় নিৰ্দ্ধাৰিতভাৱে সম্পূৰ্ণ কৰাৰ বাবে তেওঁ নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে এই ক্ষেত্ৰত জিলা অভিভাৱক মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে আলোচনা কৰি আঁচনিসমূহ তৃণমূল পর্যায়ত সঠিকভাৱে ৰূপায়ণ কৰিবলৈও কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...