চন্দ্ৰৰ বুকুত প্ৰায় এসপ্তাহ কটালে চন্দ্ৰযান ৩-এ

চন্দ্ৰপৃষ্ঠত সম্প্ৰতি বিভিন্ন পৰীক্ষা–নিৰীক্ষাত ব্যস্ত আছে প্ৰজ্ঞান ৰ’ভাৰ। কিন্তু ভাৰতৰ মহাকাশ গৱেষণাৰ অন্যতম সফল অভিযান হিচাপে চিহ্নিত চন্দ্ৰযান ৩ৰ প্ৰজ্ঞান ৰ’ভাৰৰ উপৰিও চন্দ্ৰত সম্প্ৰতি সক্ৰিয় হৈ আছে আন এখন দেশৰ মহাকাশযানে কঢ়িয়াই নিয়া ৰ’ভাৰ।

চন্দ্ৰৰ বুকুত প্ৰায় এসপ্তাহ কটালে চন্দ্ৰযান ৩-এ

৬টা চকাৰ ওপৰত নিৰ্ভৰ কৰি ইফালে সিফালে ঘূৰি ফুৰিছে প্ৰজ্ঞান ৰ’ভাৰে

চন্দ্ৰপৃষ্ঠত পোৱা ৪ মিটাৰ দ’ বৃহৎ গাঁত এৰি অন্য দিশে আগুৱাতো সফল প্ৰজ্ঞান ৰ’ভাৰ

পূৰ্বে কোনো নোযোৱা দক্ষিণ মেৰু এলেকাত গুৰুত্বপূৰ্ণ গৱেষণাত ব্যস্ত প্ৰজ্ঞান ৰ’ভাৰ

২৩ আগষ্টৰ সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰযান ৩ৰ বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰিছিল জোনবাইৰ পৃষ্ঠত। তাৰ ৪ ঘণ্টা পিছত বিক্ৰম লেণ্ডাৰৰ বক্ষৰ পৰা ওলাই প্ৰজ্ঞান ৰ’ভাৰে সেই তেতিয়াৰ পৰা এতিয়ালৈ চন্দ্ৰপৃষ্ঠত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাত ব্যস্ত হৈ পৰিছে।

প্ৰজ্ঞান ৰ’ভাৰৰ গতিবেগ হৈছে প্ৰতি ছেকেণ্ডত ১ ছেণ্টিমিটাৰ

প্ৰজ্ঞানৰ চকাৰ এটা দিশত আছে অশোক স্তম্ভ, আনটো দিশত ইছৰ’ৰ ল’গ’

প্ৰজ্ঞান আগুৱাবলৈ চন্দ্ৰপৃষ্ঠত চাপ ৰাখি থৈছে অশোক স্তম্ভ, ইছৰ’ৰ

বিক্ৰম লেণ্ডাৰৰ লগত থকা ৪টা যন্ত্ৰ ইলছা, চেষ্টে, ৰম্ভা, আৰেই সফলতাৰে চলাইছে বিভিন্ন পৰীক্ষা

ইফালে চন্দ্ৰৰ মাটিত যাতায়াতৰ কালত সন্মুখত পোৱা প্ৰায় ৪মিটাৰ এটা গাঁত আঁতৰাই অন্য দিশত আগুৱাতো প্ৰজ্ঞান সফল হৈছে বুলি টুইট কৰিছে ইছৰ’ৱে। গাঁতটোলৈ প্ৰায় ৩ মিটাৰমান দূৰত্ব থাকোতে প্ৰজ্ঞানে অন্য দিশলৈ গতি কৰাত সফল হয়। অহা এসপ্তাহ পিছত চন্দ্ৰত হ’ব ৰাতি। তাৰ পূৰ্বেই চন্দ্ৰত বিভিন্ন পৰীক্ষা–নিৰীক্ষা সম্পন্ন কৰাত ব্যস্ত আছে প্ৰজ্ঞান ৰ’ভাৰ।

চন্দ্ৰত সম্প্ৰতি কাৰ্যক্ষম হৈ আছে আন এখন ৰ’ভাৰ

চীনে প্ৰেৰণ কৰা YUTU 2 ৰ’ভাৰ জোনবাইত কাৰ্যক্ষম হৈছিল ’১৯ৰ ৩ জানুৱাৰীত

চীনৰ বিশেষ নিয়ন্ত্ৰণ নাই যদিও চন্দ্ৰত এতিয়াও সক্ৰিয় YUTU 2 ৰ’ভাৰ

দুয়োখন ৰ’ভাৰৰ মাজত দূৰত্ব হৈছে ১,৯৪৮ কিলোমিটাৰ

প্ৰজ্ঞান ৰ’ভাৰে চীনৰ YUTU 2 ৰ’ভাৰেৰে মুখামুখি হ’ব নেকি? কিন্তু প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰত সক্ৰিয় হৈ থকা অৱস্থাত বিক্ৰম লেণ্ডাৰৰ পৰা মাথোঁ ৫০০ মিটাৰ দূৰত্বলৈ যাব পাৰিব। প্ৰজ্ঞান অকল এটা চন্দ্ৰ দিনৰ বাবে কাৰ্যক্ষম হৈ থকাৰ বিপৰীতে চীনৰ ৰ’ভাৰখন ২০১৯ত চীনা চন্দ্ৰযান চেংগে- ৪ পৰা বিচ্ছিন্ন হোৱাৰ একেৰাহে কাৰ্যক্ষম হৈ আছে। সেয়ে প্ৰজ্ঞান ৰ’ভাৰে YUTU 2 ৰ’ভাৰৰ মুখামুখি হোৱাৰ কোনো সম্ভাৱনা নাই বুলি জানিবলৈ দিছে। চন্দ্ৰপৃষ্ঠলৈ মানুহে চলোৱা অভিযানৰ ইতিহাসত প্ৰথমবাৰলৈ দুখনকৈ ৰ’ভাৰ একেলগে সক্ৰিয় হৈ ব্যস্ত আছে বিভিন্ন গৱেষণাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...