চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন

পুনৰ জোনবাইৰ বুকুলৈ মহাকাশযান পঠিয়াবলৈ সাজু হৈছে ISRO। চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন। ২০২৭ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চলাব চন্দ্ৰযান-৫ অভিযান। জোনবাইৰ পৃষ্ঠভূমিৰ অনুসন্ধানৰ বাবে চন্দ্ৰযান-৫এ নিব বৃহৎ আকাৰৰ ৰ’ভাৰ। চন্দ্ৰপৃষ্ঠৰ গৱেষণাত ব্যৱহৃত হ’ব ২৫০ কিলো ওজনৰ ৰ’ভাৰ। ২০০৮ চনত প্ৰথমবাৰলৈ আয়োজিত হৈছিল চন্দ্ৰযান-১ অভিযান। চন্দ্ৰযান-৩ৰ কালত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল লেণ্ডাৰ বিক্ৰম। ২০২৪ত ISROএ পাইছিল চন্দ্ৰযান-৪ৰ অভিযানৰ অনুমোদন। ২০২৮ চনত মহাকাশলৈ নিক্ষেপিত হ’ব চন্দ্ৰযান-৪ৰ বাবে মহাকাশযান। ভাৰতৰ চন্দ্ৰযান-৪ আৰু চন্দ্ৰযান-৫ অভিযানত সহযোগ কৰিব জাপানে। ISROৰ অধ্যক্ষ ভি নাৰায়ণনে সদৰি কৰিলে চন্দ্ৰযান-৫ত কেন্দ্ৰৰ অনুমোদনৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...