C-ৱৰ্ডটোয়ে মোৰ জীৱন নিৰ্ধাৰণ কৰিব নোৱাৰে: সোণালী বেন্দ্রে

গুৱাহাটী, ৭ জুন, NKTV:দেওবাৰে বলীউডৰ মোহময়ী অভিনেত্ৰী সোণালী বেন্দ্রেয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। C-ৱৰ্ডটোয়ে তেওঁৰ জীৱনটো নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি ফটোখনৰ লগত লিখিলে এটা দৃষ্টি আকৰ্ষণ কৰা লাইন। উল্লেখযোগ্য যে, ২০১৮ চনত বলীউদৰ মোহময়ী অভিনেত্ৰীগৰীকীয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। দেওবাৰে সোণালী বেন্দ্রেয়ে এটা ফটো COLLAGEৰে সৈতে দুখন বিশেষ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে। এই ফটো COLLAGE অভিনেত্ৰীগৰাকীয়ে কৰ্কটৰ সৈতে যুঁজ দি থকাৰ সময়ত হাস্পতালত তোলা এখন বিশেষ আলোকচিত্ৰ আৰু আনখন হৈছে অতি উৎসাহী লগতে অভিনেত্ৰীগৰাকীৰ GLAMOROUS SHOTৰ এখন দৃষ্টি আকৰ্ষণ কৰা আলোকচিত্ৰ। তেওঁ লগতে লিখিলে যে, “কি দৰে সময়ে ডেউকা মেলিছে, মই যেতিয়া পিছলৈ উভতি চালো দেখিলো শক্তি লগতে দুৰ্বলতা, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে C-শব্দটোৱে মোৰ জীৱনত ইয়াৰ পিছত কি ঘটিব তাক নিৰ্ধাৰণ কৰিব নোৱাৰে।”ইয়াৰ সমান্তৰালভাৱে অভিনেত্ৰীগৰাকীয়ে লিখিলে-“আপুনি যিদৰে জীৱনটো নিৰ্বাচন কৰে তেনেদৰেই সজায়”। তেওঁৰ এই আলোকচিত্ৰখনৰ সৈতে লিখা CAPTIONটোৱে বহুতৰেই দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল

এটা আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল। পিতৃয়ে...

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...