C-ৱৰ্ডটোয়ে মোৰ জীৱন নিৰ্ধাৰণ কৰিব নোৱাৰে: সোণালী বেন্দ্রে

গুৱাহাটী, ৭ জুন, NKTV:দেওবাৰে বলীউডৰ মোহময়ী অভিনেত্ৰী সোণালী বেন্দ্রেয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। C-ৱৰ্ডটোয়ে তেওঁৰ জীৱনটো নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি ফটোখনৰ লগত লিখিলে এটা দৃষ্টি আকৰ্ষণ কৰা লাইন। উল্লেখযোগ্য যে, ২০১৮ চনত বলীউদৰ মোহময়ী অভিনেত্ৰীগৰীকীয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। দেওবাৰে সোণালী বেন্দ্রেয়ে এটা ফটো COLLAGEৰে সৈতে দুখন বিশেষ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে। এই ফটো COLLAGE অভিনেত্ৰীগৰাকীয়ে কৰ্কটৰ সৈতে যুঁজ দি থকাৰ সময়ত হাস্পতালত তোলা এখন বিশেষ আলোকচিত্ৰ আৰু আনখন হৈছে অতি উৎসাহী লগতে অভিনেত্ৰীগৰাকীৰ GLAMOROUS SHOTৰ এখন দৃষ্টি আকৰ্ষণ কৰা আলোকচিত্ৰ। তেওঁ লগতে লিখিলে যে, “কি দৰে সময়ে ডেউকা মেলিছে, মই যেতিয়া পিছলৈ উভতি চালো দেখিলো শক্তি লগতে দুৰ্বলতা, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে C-শব্দটোৱে মোৰ জীৱনত ইয়াৰ পিছত কি ঘটিব তাক নিৰ্ধাৰণ কৰিব নোৱাৰে।”ইয়াৰ সমান্তৰালভাৱে অভিনেত্ৰীগৰাকীয়ে লিখিলে-“আপুনি যিদৰে জীৱনটো নিৰ্বাচন কৰে তেনেদৰেই সজায়”। তেওঁৰ এই আলোকচিত্ৰখনৰ সৈতে লিখা CAPTIONটোৱে বহুতৰেই দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গ’ল।

NKTV Digital
Author: NKTV Digital

372 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...