BRICS সন্মিলনত ‘আমেৰিকা বিৰোধী’ নীতি গ্ৰহণ কৰিলে দিয়া হ’ব ১০% অতিৰিক্ত কৰৰ বোজা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে, ব্ৰিক্সৰ আমেৰিকা-বিৰোধী নীতিৰ সৈতে জড়িত দেশসমূহে মাৰ্কিন পণ্যৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক প্ৰদান কৰিব লাগিব। সোমবাৰে পুৱা (ভাৰতীয় সময়) তেওঁ এই ঘোষণা কৰে। তেওঁ জনোৱা মতে, সোমবাৰৰ পৰা বিভিন্ন দেশে আমেৰিকাৰ সৈতে বাণিজ্য চুক্তিৰ নথি লাভ কৰিব। আমেৰিকাৰ সময় অনুসৰি সোমবাৰ দিনৰ ১২ বজাৰ পৰা এই নথি প্ৰদান কৰা হ’ব। কিছুমান দেশৰ বাবে এইটো হ’ব চুক্তিৰ নথি, আৰু কিছুমানৰ বাবে শুল্কৰ চিঠি। ট্ৰাম্পে সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে এই কথা জনাইছে।

উল্লেখ্য, ব্ৰিক্স সন্মিলনৰ বাবে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰাজিলত আছে। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত দুদিনীয়া এই আন্তৰ্জাতিক সন্মিলন  চলি আছে। ব্ৰিক্সৰ প্ৰাথমিক সদস্য দেশসমূহৰ ভিতৰত ভাৰতৰ উপৰিও আছে চীন, ৰাছিয়া আৰু দক্ষিণ আফ্ৰিকা। ইয়াৰ উপৰি পিছত সংযুক্ত আৰব আমিৰশাহী, ইৰান, ইথিঅ’পিয়া, মিছৰ আৰু ইণ্ডোনেছিয়া এই জোটত যোগদান কৰিছে। ব্ৰিক্সৰ পৰা ইতিমধ্যে পেহেলগামৰ সন্ত্ৰাসবাদবাদী আক্ৰমণ আৰু ইৰানত হোৱা আক্ৰমণৰ বিৰুদ্ধে যুটীয়া বিবৃতি জাৰি কৰা হৈছে। যদিও আমেৰিকা বা ইজৰাইলৰ নাম স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই, বাৰ্তা স্পষ্ট আছিল। ইয়াৰ পিছতেই ট্ৰাম্পে ব্ৰিক্সৰ সৈতে জড়িত দেশসমূহৰ ওপৰত এই ঘোষণা কৰে। সামাজিক মাধ্যমত তেওঁ লিখিছে, “ব্ৰিক্সৰ আমেৰিকা-বিৰোধী নীতিৰ সৈতে কোনো দেশ জড়িত হ’লে তেওঁলোকৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব। এই ক্ষেত্ৰত কোনো ব্যতিক্ৰম নহ’ব।” আন এটা পোষ্টত তেওঁ লিখিছে, “আমেৰিকাৰ শুল্ক-চিঠি বা চুক্তিপত্ৰ সোমবাৰ দিনৰ ১২ বজাৰ পৰা (ইষ্টাৰ্ণ টাইম) বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা হ’ব।”

ব্ৰিক্সৰ মঞ্চৰ পৰা মোদীয়ে সন্ত্ৰাসবাদবাদৰ বিষয়ে কঠোৰ অৱস্থান গ্ৰহণ কৰিছে। পাকিস্তানৰ নাম লৈ স্পষ্ট বাৰ্তা দিছে। তেওঁ কৈছে, “সন্ত্ৰাসবাদবাদৰ নিন্দা কৰাটো আমাৰ নীতি হ’ব লাগে। নিজৰ সুবিধাৰ কথা চিন্তা কৰি সন্ত্ৰাসবাদবাদৰ নিন্দা কৰা উচিত নহয়। ভাৰত সন্ত্ৰাসবাদবাদৰ চিকাৰ। পাকিস্তান সন্ত্ৰাসবাদবাদৰ পৃষ্ঠপোষক।” বহুতে নিজৰ ব্যক্তিগত বা ৰাজনৈতিক সুবিধাৰ বাবে সন্ত্ৰাসবাদৰ বিষয়ে নীৰৱ থাকে বুলি মোদীয়ে কৈছে। ইয়াৰ পিছতেই ব্ৰিক্সৰ পৰা সন্ত্ৰাসবাদৰ বিষয়ে যুটীয়া বিবৃতি জাৰি হয়, য’ত পেহেলগামৰ ঘটনাৰ উল্লেখ আছিল। বিবৃতিত কোৱা হৈছে, “আমি ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত হোৱা আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছো। আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণৰ আহ্বান জনাইছো। আমাৰ মতে, সন্ত্ৰাসবাদৰ মোকাবিলা কৰাত দ্বিচাৰিতা কৰা উচিত নহয়। আন্তৰ্জাতিক আইন মানি ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদৰ মোকাবিলা কৰা উচিত।” ৰাষ্ট্ৰসংঘৰ তালিকাত থকা সকলো সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে এই বিবৃতিত।

ব্ৰিক্সৰ ৰিঅ’ ডি জেনেইৰ’ ঘোষণাপত্ৰত ইৰানত হোৱা আক্ৰমণৰো নিন্দা কৰা হৈছে। কোৱা হৈছে, “বিগত ১৩ জুনত ইৰানৰ ওপৰত চলোৱা সামৰিক অভিযানৰ আমি নিন্দা কৰিছো। এইটো আন্তৰ্জাতিক আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ বিৰোধী।” বিবৃতিত শুল্কৰ বিষয়টোও উত্থাপন হৈছে। কোৱা হৈছে, “বাণিজ্যিক নিষেধাজ্ঞামূলক বিভিন্ন পদক্ষেপ, সেয়া অবাধ শুল্ক বৃদ্ধি হওক বা অন্য কোনো ঘোষণা, এইবোৰে বিশ্ব বাণিজ্যক পিছুৱাই নিয়ে। বাণিজ্যত অনিশ্চয়তাৰ সৃষ্টি কৰে।” আমেৰিকাৰ নাম উল্লেখ নকৰিলেও শুল্কৰ বিষয়ে এই বাৰ্তা ট্ৰাম্পৰ উদ্দেশ্যেই বুলি স্পষ্ট। আমেৰিকাত দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পিছত ট্ৰাম্পে ভাৰত-সহ একাধিক দেশৰ ওপৰত অতিৰিক্ত শুল্ক ঘোষণা কৰিছে। ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰা হৈছে। পিছত এই শুল্ক তিনিমাহৰ বাবে স্থগিত ৰখা হৈছিল, যাৰ সময়সীমা ৯ জুলাইত শেষ হ’ব। এই সময়ৰ ভিতৰত বিভিন্ন দেশে আমেৰিকাৰ সৈতে বাণিজ্যৰ বিষয়ে বুজাবুজিৰ চেষ্টা চলাইছে। নতুন দিল্লীৰ সৈতেও আলোচনা চলি আছে। কিন্তু এতিয়ালৈ ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱা নাই। এই পৰিপ্ৰেক্ষিতত ট্ৰাম্পে ব্ৰিক্সৰ সৈতে জড়িত অতিৰিক্ত শুল্কৰ এই ঘোষণা কৰিছে আৰু চুক্তিপত্ৰ প্ৰেৰণৰ কথাও জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...