প্ৰাক্তন ৰাষ্ট্ৰপতিক গৃহবন্দী কৰি ৰখাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ!

ব্ৰাজিলৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলছ’নাৰোক গৃহবন্দী কৰাৰ নিৰ্দেশ জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি আলেকজাণ্ড্ৰে ডে’ মৰিয়াছে জনোৱা মতে, বোলছ’নাৰোৱে যোৱা মাহত আদালতৰ নিৰ্দেশ অমান্য কৰিছিল। সেয়েহে তেওঁক গৃহবন্দী কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ব্ৰাজিলৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, আইনজীৱী আৰু আদালতৰ অনুমতিপ্ৰাপ্ত ব্যক্তিৰ বাহিৰে আন কোনোৱে বোলছ’নাৰোৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিব। গৃহবন্দী অৱস্থাত তেওঁ মোবাইল ফোনো ব্যৱহাৰ কৰিব নোৱাৰিব। উল্লেখ্য যে, ২০২২ চনৰ সাধাৰণ নিৰ্বাচনত অতি দক্ষিণপন্থী বোলছ’নাৰো বামপন্থী নেতা লুলাৰ বিৰুদ্ধে পৰাজিত হৈছিল। নিৰ্বাচনত পৰাজয়ৰ পিছত তেওঁ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন তুলিছিল। তেওঁৰ সমৰ্থকসকলে ব্ৰাজিলৰ সংসদ ভৱন আক্ৰমণৰ চেষ্টা কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি গোচৰ ৰুজু হৈছিল। ব্ৰাজিলৰ আদালতে বোলছ’নাৰোৰ বিৰুদ্ধে ‘ক্ষমতাৰ অপব্যৱহাৰ’ৰ অভিযোগ উত্থাপন কৰিছিল। ২০২৩ চনৰ জুলাই মাহত ব্ৰাজিলৰ নিৰ্বাচন সংক্ৰান্তীয় সৰ্বোচ্চ আদালত ছুপ্ৰিম ইলেকটৰেল ক’ৰ্টে জনোৱা মতে, তেওঁ আঠ বছৰলৈ ব্ৰাজিলৰ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

আনহাতে, বোলছ’নাৰোৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সম্পৰ্ক সদায় মসৃণ আছিল। কেইদিনমান আগতেও ট্ৰাম্পে বোলছ’নাৰোৰ বিৰুদ্ধে চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন তুলিছিল। বিগত ৯ জুলাইত ট্ৰাম্পে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ’ লুলা দা ছিলভাক এখন শুল্ক-পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰত তেওঁ ব্ৰাজিলৰ পৰা আমেৰিকালৈ ৰপ্তানিকৃত সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপৰ কথা ঘোষণা কৰিছিল। পত্ৰত ট্ৰাম্পে অভিযোগ কৰিছিল যে, ব্ৰাজিলত স্বাধীন নিৰ্বাচনৰ ওপৰত বাৰম্বাৰ আঘাত হানিবলৈ চেষ্টা কৰা হৈছে। দক্ষিণ আমেৰিকাৰ এই দেশত আমেৰিকানসকলৰ বাক্‌স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰা হৈছে বুলিও তেওঁ দাবী কৰিছিল। তেওঁ স্পষ্ট কৰি দিছিল যে, প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছ’নাৰোৰ বিৰুদ্ধে চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ বাবেই তেওঁ ব্ৰাজিলৰ প্ৰতি ক্ষুব্ধ। লুলাক প্ৰেৰিত পত্ৰত তেওঁ লিখিছিল, “মাননীয় বোলছ’নাৰোৰ সৈতে যি আচৰণ কৰা হৈছে, সেয়া ঠিক নহয়। এই বিচাৰ প্ৰক্ৰিয়া চলিব নোৱাৰে। ইয়াক তৎক্ষণাৎ বন্ধ কৰা উচিত।”

বোলছ’নাৰোক গৃহবন্দী কৰাৰ নিৰ্দেশ প্ৰকাশ্য হোৱাৰ পিছতে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এক বিবৃতি জাৰি কৰা হৈছে। তাত ব্ৰাজিলৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি মৰিয়াছক লক্ষ্য কৰি কোৱা হৈছে যে, তেওঁ প্ৰাতিষ্ঠানিক ক্ষমতাৰ অপব্যৱহাৰ কৰি বিৰোধীসকলৰ কণ্ঠ ৰোধ কৰিছে। এই পৰিস্থিতিত কিছুমানে ধাৰণা কৰিছে যে, ট্ৰাম্প প্ৰশাসনে ব্ৰাজিলৰ ওপৰত আৰু অধিক শুল্ক আৰোপ কৰিব পাৰে। হোৱাইট হাউছে এতিয়ালৈকে প্ৰকাশ্যে একো নজনালেও, বোলছ’নাৰোক কেন্দ্ৰ কৰি দুই দেশৰ সম্পৰ্কৰ আৰু অৱনতি হ’ব বুলি ধাৰণা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...