মৃত্যুৰ প্ৰাকক্ষণত কি কি চিন্তা কৰে এজন ব্যক্তিয়ে! গৱেষণাত পোহৰলৈ আহিছে এই কথা

দৰাচলতে মৃত্যুৰ সময়ত এজন ব্যক্তিৰ মনত কি ঘটে আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে। এষ্টনিয়াৰ টাৰ্টু বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড. ৰোল ভিচেণ্টে এজন ৮৭ বছৰীয়া বৃদ্ধৰ ওপৰত চলাইছিল এক পৰীক্ষা। মৃগী ৰোগত আক্ৰান্ত এজন বৃদ্ধ লোকৰ মগজু ৰেকৰ্ড কৰিবলৈ ইইজি যন্ত্ৰটো ব্যৱহাৰ কৰা হৈছিল। যিটো যন্ত্ৰটোৰ জৰিয়তে প্ৰথমবাৰৰ বাবে মৃত্যুমুখত পৰা ৰোগী এজনৰ মগজুৰ ক্ৰিয়া ৰেকৰ্ড কৰা হৈছে।

গৱেষকসকলৰ মতে, যিজন বৃদ্ধ ব্যক্তিৰ মগজুৰ ক্ৰিয়া ৰেকৰ্ড কৰা হৈছে, তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈছিল! কিন্তু এই সময়ছোৱাত ৰোগীজন ইইজি যন্ত্ৰৰ সৈতে সংযুক্ত আছিল। ফলস্বৰূপে, মৃত্যুৰ সময়ত মানুহজনৰ মনৰ সকলো গতিবিধি লিপিবদ্ধ কৰা হৈছিল। যেতিয়া এই ৰেকৰ্ডিংবোৰ চোৱা হৈছিল, তেতিয়াই পোহৰলৈ আহিছিল বহুতো আচৰিত কথা।

মৃত্যুৰ সময়ত মানুহৰ মনত দেখা পোৱা কাৰ্যকলাপবোৰ এজন ব্যক্তিয়ে যিদৰে সপোন দেখে ঠিক তেনেদৰেই অনুভৱ কৰে। মানুহে মৃত্যুৰ সময়ত কিছু মুহূৰ্তৰ বাবে তেওঁলোকৰ পুৰণি জীৱন মনলৈ আহে। অধ্যয়নটোত জড়িত লুইচভিল বিশ্ববিদ্যালয়ৰ নিউৰোচাৰ্জন ডাঃ আজমল গেমাৰে কয় যে ৰোগীৰ মৃত্যুৰ সময়ত ৯০০ ছেকেণ্ডৰ ৰেকৰ্ডিং কৰা হৈছিল।

গৱেষকসকলে কৈছে যে এই পৰীক্ষাৰ ফলাফলৰ পৰা বহুতো কথা স্পষ্ট হ’ব। উদাহৰণ স্বৰূপে, এজন মানুহৰ মৃত্যুৰ আগতে আৰু পিছত, শৰীৰৰ কোনটো অংশ কিমান দিনৰ বাবে দান কৰাৰ যোগ্য হৈ থাকে? ইয়াৰ উপৰিও মৃত্যুৰ সময়ত মনৰ ৰেকৰ্ডিঙে মানসিক গতিশীলতাৰ বুজাবুজি বৃদ্ধি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...