হেমন্ত কুমাৰ কলিতাৰ নিলম্বন প্ৰত্যাহাৰ কৰিলে বক্সিং ফেডাৰেছন অব ইণ্ডিয়াই

গুৱাহাটীত আনুষ্ঠানিক ঘোষণা অজয় সিঙৰ

বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ প্ৰাক্তন সচিব তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাৰ ওপৰত আৰোপ কৰা নিলম্বন প্ৰত্যাহাৰ কৰিছে ৰাষ্ট্ৰীয় ফেডাৰেছনে৷ আজি গুৱাহাটীত এই কথা আনুষ্ঠানিকভাবে সংবাদমেলত ব্যক্ত কৰে বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ প্ৰাক্তন সভাপতি তথা তদৰ্থ কমিটিৰ অধ্যক্ষ অজয় সিঙে৷ উল্লেখ্য যে অহা ২১ আগষ্টত বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ বহু প্ৰত্যাশিত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ পুনৰবাৰ ফেডাৰেছনৰ সভাপতি পদত মনোনয়ন দাখিল কৰা সিঙে আজি গুৱাহাটীৰ ৰেডিছন ব্লুত এখন বিশেষ সভাত অংশ লয়৷

এই সভাত অসমসহ উত্তৰ-পূৱৰ আঠখন ৰাজ্যৰ প্ৰতিনিধিৰ লগতে অন্য আঠখন মুঠ ১৬ খন ৰাজ্যৰ প্ৰতিনিধিয়েও ভাগ লৈছে৷ সভা আৰম্ভ হোৱাৰ পূৰ্বেই সংবাদ মেলত অংশ লৈ সিঙে হেমন্ত কলিতাৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ লগতে নাগালেণ্ড বক্সিং সন্থাৰ নিলম্বনো উঠাই লোৱাৰ কথাও আনুষ্ঠানিকভাবে ব্যক্ত কৰে৷

‘কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ নিৰ্দেশ অনুসৰি বক্সিং ফেডাৰেছন অব ইণ্ডিয়াই আৰ ই চি প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ বিত্তীয় খেলিমেলিৰ এক অভিযোগ তদন্ত কৰিছিল৷ যিহেতু বিষয়টোত তেতিয়াৰ সচিব হেমন্ত কলিতাৰ নামো সাঙুৰ খাইছিল, সেয়ে তেওঁক সেইসময়ত নিলম্বন কৰা হৈছিল৷ কিন্তু তদন্তৰ প্ৰতিবেদন ফেডাৰেছনে লাভ কৰাৰ পাছত কলিতাৰ ওপৰত যি মিছা অভিযোগ আহিছিল সেয়া ভিত্তিহীন হৈ পৰিল৷ সেয়ে তেওঁৰ নিলম্বন তদৰ্থ কমিটিয়ে প্ৰত্যাহাৰ কৰিছে৷ কলিতা এতিয়া দোষমুক্ত৷’ সিঙে ব্যক্ত কৰে৷ অৱশ্যে প্ৰাক্তন কোষাধ্যক্ষ দ্বিগবিজয় সিঙৰ নিলম্বন এতিয়াও বাহাল আছে৷

ইফালে, ভাৰতীয় বক্সিঙৰ ছুপাৰ পাৱাৰ উত্তৰ-পূৱ বুলি ব্যক্ত কৰা সিঙে অসমৰ বক্সাৰৰ প্ৰতিভা, দৃঢ়তা আৰু অদম্য শক্তিক উচ্ছ প্ৰশংসা কৰাৰ লগতে কেবাখনো সফল আন্তৰ্জাতিক চেম্পিয়নশ্বিপ আয়োজন কৰা অসম বক্সিং সন্থাৰ সংগঠনিক ব্যৱস্থাটোকো অনন্য বুলি অভিহিত কৰে৷ তদুপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰীড়া নীতিয়ে অসমক উপকৃত কৰাত বক্সিঙৰ লগতে সকলো ক্ৰীড়াৰে উত্তৰণ চমকপ্ৰদ বুলি কয়৷ আনহাতে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জনাই সিঙে কয় যে সোণোৱাল কেন্দ্ৰত ক্ৰীড়া মন্ত্ৰী হৈ থকা সময়তে যি আচনি সমগ্ৰ দেশত প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছিল সেয়াই ভাৰতীয় ক্ৰীড়াৰ নৱ-উত্তৰণৰ টাৰ্ণিং পইণ্ট হ’ল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...