গ্ৰন্থৰ সুবাসেৰে আমোলমোল মুকালমুৱাৰ লাৰকুছি

নামনি অসমত গ্ৰন্থৰ সুবাস। মুকালমুৱাৰ লাৰকুছিত কুৰুৱাট্টাৰী যুৱক সংঘৰ ৰূপালী জয়ন্তী উপলক্ষে সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থ ও বাণিজ্য মেলা। স্থানীয় ডাইমণ্ড উন্নয়ন সমিতিৰ সৌজন্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে গ্ৰন্থ ও বাণিজ্য মেলাখন। লাৰকুছিত অনুষ্ঠিত হোৱা এই গ্ৰন্থ ও বাণিজ্য মেলাত বহুকেইখন গ্ৰন্থৰ বিপণীৰ লগতে অন্যান্য বিপণীয়েও অংশ লৈছে। সাংস্কৃতিক শোভাযাত্ৰা, কবি সন্মিলনকে আদি কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে সাতদিনীয়াকৈ অনুষ্ঠিত কৰা গ্ৰন্থ ও বাণিজ্য মেলাত নিশালৈকে লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে।

নিশা সাংস্কৃতিক সন্ধিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বুধবাৰে মুকালমুৱাৰ সাংবাদিকসকলকো বিপুল সম্বৰ্ধনা জনোৱা হয় গ্ৰন্থ ও বাণিজ্য মেলাত। মুকালমুৱাৰ লাৰকুছিৰ দৰে পিছপৰা এখন ঠাইত গ্ৰন্থ মেলাৰ আয়োজন কৰি উদ্যোক্তাবৰ্গই ৰাইজৰ যথেষ্ট সমাদৰ ও সঁহাৰি লাভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ

ধৰালৈ নামিছে শৰৎ। শৰৎ আগমনৰ লগে লগেই আৰম্ভ হৈছে...

মহানগৰীৰ উৰণ সেতুত শেষ হৈ গ’ল এটা জীৱন

নিশা গণেশগুৰিৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত...

পেৰিছ ফেশ্বন উইকত আলিয়াৰ গ্লেমাৰাছ লুক

পেৰিছ ফেশ্বন উইকত মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ অভিষেক। ল’ৰিয়েল...