গ্ৰন্থৰ সুবাসেৰে আমোলমোল মুকালমুৱাৰ লাৰকুছি

নামনি অসমত গ্ৰন্থৰ সুবাস। মুকালমুৱাৰ লাৰকুছিত কুৰুৱাট্টাৰী যুৱক সংঘৰ ৰূপালী জয়ন্তী উপলক্ষে সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থ ও বাণিজ্য মেলা। স্থানীয় ডাইমণ্ড উন্নয়ন সমিতিৰ সৌজন্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে গ্ৰন্থ ও বাণিজ্য মেলাখন। লাৰকুছিত অনুষ্ঠিত হোৱা এই গ্ৰন্থ ও বাণিজ্য মেলাত বহুকেইখন গ্ৰন্থৰ বিপণীৰ লগতে অন্যান্য বিপণীয়েও অংশ লৈছে। সাংস্কৃতিক শোভাযাত্ৰা, কবি সন্মিলনকে আদি কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে সাতদিনীয়াকৈ অনুষ্ঠিত কৰা গ্ৰন্থ ও বাণিজ্য মেলাত নিশালৈকে লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে।

নিশা সাংস্কৃতিক সন্ধিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বুধবাৰে মুকালমুৱাৰ সাংবাদিকসকলকো বিপুল সম্বৰ্ধনা জনোৱা হয় গ্ৰন্থ ও বাণিজ্য মেলাত। মুকালমুৱাৰ লাৰকুছিৰ দৰে পিছপৰা এখন ঠাইত গ্ৰন্থ মেলাৰ আয়োজন কৰি উদ্যোক্তাবৰ্গই ৰাইজৰ যথেষ্ট সমাদৰ ও সঁহাৰি লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...