পুঁজি সংগ্রহত শীৰ্ষস্থানত আছে বিজেপি, AIUDF-কংগ্ৰেছ-অগপই সংগ্রহ কৰিলে কিমান পুঁজি?

ৰাজনৈতিক দলৰ পুঁজি সংগ্রহক লৈ ADRৰ শেহতীয়া ৰিপ’ৰ্টত প্রকাশ পাইছে এই তথ্য। ২০২০-২১ বিত্তীয় বৰ্ষত কোন দলে সংগ্রহ কৰিলে কিমান পুঁজি? পুঁজি সংগ্রহত শীৰ্ষস্থানত আছে বিজেপি দল। বিজেপিয়ে দেশত সংগ্রহ কৰিছে মুঠ ৪৭৭.৫৪৫ কোটি টকা। কংগ্রেছে সংগ্রহ কৰিছে মুঠ ৭৪.৫২৪ কোটি টকা। NCP-এ সংগ্রহ কৰিছে ২৬.২৬১ কোটি টকাৰ পুঁজি। CPM দলে সংগ্রহ কৰিছে মুঠ ১২.৯০১ কোটি টকা। ২০১৯-২০ বৰ্ষতকৈ হ্রাস পাইছে ৰাজনৈতিক দলসমূহৰ পুঁজি সংগ্রহ। ৩৯.২৩ শতাংশ হ্রাস পাইছে বিজেপিৰ পুঁজি সংগ্রহ। ৪৬.৩৯ শতাংশ হ্ৰাস পাইছে কংগ্রেছৰ পুঁজি সংগ্রহ। ২০১৯-২০ বৰ্ষত বিজেপিয়ে সংগ্রহ কৰিছিল ৭৮৫.৭৭ কোটি টকা। ২০১৯-২০ বৰ্ষত কংগ্রেছে সংগ্রহ কৰিছিল ১৩৯.০১৬ কোটি টকা। ৰাজনৈতিক দলসমূহলৈ অধিকাংশ পুঁজি আহিছে কৰ্প’ৰেট আৰু বাণিজ্যিক ক্ষেত্রৰ পৰা। ৰাষ্ট্রীয় দললৈ পুঁজি যোগানৰ ক্ষেত্রত শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত আছে অসমো। অসমৰ পৰা বিভিন্ন ৰাষ্ট্রীয় দলে সংগ্রহ কৰিছে ৩০.২৩৬ কোটি টকা। অসমতো ২০২০-২১ বৰ্ষত AIUDF দলে সংগ্রহ কৰিছে ১৪৮.০৬ কোটি টকা। AGP-এ ২০২০-২১ বৰ্ষত সংগ্রহ কৰিছে মাথোঁ ৭ লাখ টকা। অন্যান্য আঞ্চলিক দলসমূহে এতিয়ালৈ প্রকাশ কৰা নাই পুঁজি সংগ্রহৰ তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...

IIT গুৱাহাটীৰ বিশেষ সফলতা: কচু গছ আৰু ‘জিগ-জেগ’ প্ৰযুক্তিৰে পশুপালন ফাৰ্মৰ প্ৰদূষিত পানী শোধনৰ অভিনৱ উপায়

পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ...