এইবাৰ হ’ব জাতিগত লোকপিয়ল, মুখ্যমন্ত্ৰীৰ ঘোষণা।

জাতিগত লোকপিয়লক লৈ বিহাৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে নিজৰ খৰচত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব। সংবাদমেলযোগে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই কথা ঘোষণা কৰে। ১৮৮১ চনত দেশত প্ৰথমবাৰৰ বাবে লোকপিয়ল অনুষ্ঠিত হৈছিল। জাতিগত লোকপিয়লৰ তথ্যও প্ৰথম লোকপিয়লত প্ৰকাশ কৰা হৈছিল। তেতিয়াৰ পৰা, প্ৰতি ১০ বছৰত লোকপিয়ল হয়। ১৯৩১ চনলৈকে লোকপিয়লত জাতি-অনুসৰি তথ্যও প্ৰকাশ কৰা হৈছিল। ১৯৪১ চনৰ লোকপিয়লত জাতি-অনুসৰি তথ্য সংগ্ৰহ কৰা হৈছিল, কিন্তু এইবোৰ প্ৰকাশ কৰা হোৱা নাছিল।

জনতা দৰবাৰৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত উল্লেখ কৰে-প্ৰস্তুতি চলাই থকা হৈছে। বিহাৰ চৰকাৰে স্বচ্ছভাবে লোকপিয়ল পৰিচালনা কৰিব। ইয়াত কোনো ত্ৰুটি নহ’ব। ইয়াৰ বাবে সকলো ৰাজনৈতিক দল সন্মত হোৱাৰ কথাও উল্লেখ কৰে কুমাৰে। শীঘ্ৰেই এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিম। উপ মুখ্যমন্ত্ৰীয়ে তেওঁৰ দলৰ সকলোৰে সৈতে কথা পাতিছে। তাৰিখ নিৰ্ধাৰণ কৰাৰ পিছতে অচিৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে কৰ্ণাটকে নিজাববীয়াকৈ জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিছিল। ইয়াৰ লগে লগে বিহাৰ জাতিগত লোকপিয়ল পৰিচালনা বা প্ৰকাশ কৰা দেশৰ দ্বিতীয়খন ৰাজ্য হ’ব।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰু কয়, “ইয়াৰ বাবে সকলো লোকৰ মতামতৰ প্ৰয়োজন। জাতিগত লোকপিয়ল কেনেদৰে পৰিচালনা কৰিব লাগে, কেতিয়া পৰিচালনা কৰিব লাগে, কোন কোন ব্যক্তিৰ জৰিয়তে ইয়াক পৰিচালনা কৰা হ’ব, সকলোবোৰ সভাত সৰ্বোচ্চ মতামত গ্ৰহণৰ পিছতে নিৰ্ণয় কৰা হ’ব। সকলোৰে সন্মতিৰ সৈতে যি পৰিণাম পৰিলক্ষিত হয়, তাৰ ওপৰত ভিত্তি কৰি আগবাঢ়িব চৰকাৰ।”

উল্লেখ্য যে, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বিৰোধী দলৰ নেতা তেজস্বী যাদৱকে ধৰি বিহাৰৰ ১০টা দলৰ নেতৃত্বই যোৱা আগষ্ট মাহত এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল। সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে ২০২১ চনৰ লোকপিয়লত জাতিগত লোকপিয়লৰ দাবী উত্থাপন কৰিছিল। অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ইয়াক অস্বীকাৰ কৰিছিল। প্ৰণিধানযোগ্য যে, বিহাৰত, বিজেপিৰ বাহিৰে সকলো দলে জাতিগত লোকপিয়ল প্ৰকাশৰ দাবী কৰি আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...