ৰাষ্ট্ৰৰ স্বীকৃতি পাব পেলেষ্টাইনে, ইজৰাইলক চাপত ৰাখি বেলজিয়ামে দিব স্বীকৃতি

ফ্ৰান্স আৰু ব্ৰিটেইনৰ পিছত এইবাৰ বেলজিয়াম। পশ্চিম ইউৰোপত আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ সামৰিক মিত্ৰ বেলজিয়ামে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে, গাজাত হত্যাকাণ্ড চলোৱা আৰু ৱেষ্ট বেংকত দখলদাৰিৰ চেষ্টাৰ অভিযোগত ইজৰাইলৰ বিৰুদ্ধে নিষেধাজ্ঞা বলৱৎ কৰাৰো ঘোষণা কৰিছে।

মাৰ্কিন সামৰিক জোট নেটোৰ সদৰ দপ্তৰ বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত অৱস্থিত। বেলজিয়ামৰ বিদেশ মন্ত্ৰী মেক্সিম প্ৰেভ’ই মঙলবাৰে ঘোষণা কৰিছে যে, চলিত মাহৰ শেষত ৰাষ্ট্ৰপুঞ্জৰ সাধাৰণ পৰিষদৰ (ইউএনজিএ) অধিৱেশনত বেলজিয়ামে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব। এক্স পোষ্টত তেওঁ লিখিছে, “পেলেষ্টাইনক বেলজিয়ামে স্বীকৃতি দিব আৰু ইজৰাইলী চৰকাৰৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব।”

প্ৰেভ’ৰ ঘোষণা অনুসৰি, বেলজিয়ামে ইজৰাইলৰ বিৰুদ্ধে ১২টা নিষেধাজ্ঞা আৰোপ কৰিব। ইয়াৰ ভিতৰত আছে অধিকৃত পেলেষ্টাইনী ভূখণ্ড ৱেষ্ট বেংকৰ অবৈধ ইজৰাইলী বসতিৰ পৰা সামগ্ৰীৰ আমদানি নিষিদ্ধ কৰা আৰু ইজৰাইলী সংস্থাৰ সৈতে চৰকাৰী স্তৰত বাণিজ্যিক লেনদেনৰ পুনৰ্মূল্যায়ন। উল্লেখযোগ্য যে, জুলাই মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোনে পেলেষ্টাইনক স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদানৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰ্মাৰৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছিল যে, ছেপ্টেম্বৰৰ ভিতৰত যদি পেলেষ্টাইনীসকলৰ সুবিধাৰ্থে ইজৰাইলে কোনো পদক্ষেপ নকৰে, তেন্তে সেই মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতিৰ ঘোষণা কৰিব। চলিত মাহতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশন। তাৰ আগতে বেলজিয়ামে ইজৰাইলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ ভাবুকি দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...