এটা চকলেটৰ বাবে ভাৰতলৈ আহি বিপদত বাংলাদেশী কিশোৰ

এটা চকলেটৰ বাবে ভাৰত পালেহি বাংলাদেশৰ কিশোৰ। তেওঁ পকেটত বাংলাদেশী ১০০ টকাৰ এটা মুদ্ৰা লৈয়ে বাংলাদেশৰ কুমিল্লাৰ পৰা ত্ৰিপুৰাৰ কমলচোৱা গাঁৱৰ এখন দোকানলৈ আহিছিল। তেওঁ এখন নদী পাৰ হৈ সীমান্তৰক্ষীৰ চকুত ধুলি মাৰি কাটা তাৰ পাৰ হৈ এক দীঘলীয়া যাত্ৰাপথ আতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰে কিশোৰজন। তেওঁল লক্ষ্য মাত্ৰ এটাই চকলেট। কেৱল এটা প্ৰিয় চকলেটৰ বাবেই বাংলাদেশৰ পৰা ভাৰত পালেহি কিশোৰজন। বাংলাদেশত নোপোৱা চকলেট ক্ৰয় কৰিবৰ বাবেই ভাৰতলৈ অহা কিশোৰজনে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে।

এই যুৱকজনৰ নাম হৈছে ইমান হোছেইন। চকলেটৰ প্ৰতি থকা হেঁপাহৰ বাবে ভাৰতলৈ অহা ইমান অবশেষত BSF জোৱানৰ হাতত ধৰা পৰে। BSF জোৱানৰ প্ৰশ্নৰ উত্তৰত ইমানে কয়, ‘চকলেট কিনাৰ বাহিৰে মোৰ কোনো উদ্দেশ্য নাই।’ পিছে তেওঁৰ কথাত পতিয়ন নগ’ল সীমান্তৰক্ষী। ইমানক গতাই দিয়ে আৰক্ষীক। আৰু পৰৱৰ্তী সময়ত তেওঁক আদালতত হাজিৰ কৰোৱা হয় আৰু বেআইনিভাৱে সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত এটা গোচৰ ৰুজো কৰা হয়। অৱশেষত ১৫ দিনৰ বাবে কাৰাগাৰেই হৈ পৰে ইমানৰ বাবে ঘৰ।

এই প্ৰসংগত আৰক্ষীয়ে কয় যে, ‘ইমানৰ ভাৰতলৈ অহাৰ কাৰণ আছে নে নাই তাক লৈ বৰ্তমান অনুসন্ধান চলি আছে। অৱশ্যে, অনুসন্ধানত ১০০ টকাৰ বাংলাদেশী মপদ্ৰাৰ বাহিৰে আন একো পোৱা নাই কিশোৰজনৰ পৰা। উপয়ুক্ত নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...