বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত আগবঢ়াইছে৷ সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে ১ বছৰৰ বাবে ফিক্সড ডিপ’জিটত ৮.৫৫% পৰ্যন্ত সুতৰ হাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বেংকে জ্যেষ্ঠ নাগৰিক গ্ৰাহকসকলক সৰ্বোচ্চ সুতৰ হাৰ ৮.৫৫%পৰ্যন্ত প্ৰদান কৰিছে। একেটা সময়সূচীতে সাধাৰণ গ্ৰাহকসকলে ফিক্সড ডিপজিটৰ ওপৰত ৮.০৫% সুত লাভ কৰিব।

বন্ধন বেংকে ৫ বছৰতকৈ কম সময়ৰ বাবে দীৰ্ঘম্যাদী ফিক্সড ডিপজিটৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকলক ৭.৭৫% আকৰ্ষণীয় সূতৰ হাৰ প্ৰদান কৰাৰ বিপৰীতে সাধাৰণ গ্ৰাহকসকলে ৭.২৫% সুত লাভ আগবঢ়াব । এই হাৰ বেংকিং উদ্যোগটোৰ ভিতৰতে অন্যতম সৰ্বশ্ৰেষ্ঠ এফডি সূতৰ হাৰ ৰূপে বিবেচিত হৈছে। বন্ধন বেংকে ১০ লাখ টকাৰ অধিক ধন থকা চেভিংছ একাউণ্টৰ বেলেঞ্চত ৭% সুতৰ হাৰ আগবঢ়াই আছে।

বন্ধন বেংকৰ গ্ৰাহকসকলে খুচুৰা ইণ্টাৰনেট বেংকিং বা এমবন্ধন মোবাইল এপ্লিকেচনৰ জৰিয়তে ঘৰ বা কাৰ্যালয়ৰ পৰাই এফ ডি বুকিং বা বিনিয়োগৰ সুবিধা উপভোগ কৰিব পাৰিব। এই অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰাহকে কেইমিনিটমানৰ ভিতৰতে দ্ৰুত আৰু বাধাহীনভাৱে এফ ডি বুকিং কৰিব পাৰিব। 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...