ধন উলিয়াবলৈ ATM ব্যৱহাৰ কৰা সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ!

মূল্যবৃদ্ধিত জুৰুলা হৈ থকাৰ মাজতে আন এক সমস্যাৰ সন্মুখীন হ’ব পাৰে সৰ্বসাধাৰণ। কিয়নো ২০২২ চনৰ জানুৱাৰীৰ পৰা এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত হ’ব অধিক খৰচী। নিৰ্ধাৰিত পৰিমাণতকৈ যদি অধিক ধন উলিয়াই তেন্তে ভৰিব লগা হ’ব পাৰে চাৰ্জ। এটিএমৰ নিৰ্ধাৰিত সীমাতকৈ অধিক বাৰ ধন উলিওৱালে চাৰ্জ লগাব পাৰে বেংকে। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নিৰ্দেশনা মতে এক্সিছ বেংক বা আন বেংকৰ এটিএমত বিনামূলীয়া সীমাতকৈ ওপৰৰ বিত্তীয় লেনদেন কৰিলে দিব লাগিব ২১ টকা আৰু জিএছটি। ১ জানুৱাৰী ২০২২ৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম।

বিনামূলীয়া লেনদেন মাহিলী সীমাতকৈ যদি অধিক হয় তেন্তে প্ৰতিবাৰ লেনদেনত ২০ টকাৰ সলনি ২১ টকা দিব লাগিব অহা মাহৰ পৰা। অৰ্থাত্ গ্ৰাহকে নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫বাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব। যদিহে তাতোকৈ অধিকবাৰ লেনদেন কৰে তেন্তে ভৰিব লাগিব চাৰ্জ।

নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫টা বিনামূলীয়া লেনদেন কৰিব পাৰিব আপুনি। মেট্ৰ’ চিটীত আন বেংকৰ এটিএমৰ পৰা তিনিবাৰ আৰু আন স্থানৰ কেন্দ্ৰত পাঁচবাৰ কৰিব পাৰিব বিনামূলীয়া লেনদেন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...