কাৰ ভুলৰ শাস্তি পালে ASTCৰ ৭৭১ অস্থায়ী কৰ্মীয়ে?

৭৭১ কৰ্মচাৰীৰ বৰ্খাস্তকৰণক আজিও উত্তপ্ত হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ASTC কাৰ্যালয়। অৱশ্যে পুৰণি কৰ্মচাৰী সকলৰ অসহযোগিতাৰ বাবে কাৰ্যকৰী নহ’ল বৃহস্পতিবাৰে আহ্বান কৰা কৰ্মবিৰতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা- আইনগতভাৱে লোৱা হৈছে বৰ্খাস্তৰ সিদ্ধান্ত। গতিকে চাকৰি ঘূৰাই পোৱাৰ সম্ভাৱনা নাই। কোনো ধৰণৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনেই চৰম অনিয়মেৰে নিযুক্তি পাইছিল এই অস্থায়ী কৰ্মীসকলে। কোনোবাই চাকৰি পাইছিল কংগ্ৰেছৰ দিনত আৰু কোনোবাই পাইছিল সোণোৱাল চৰকাৰৰ দিনত IPS আনন্দ প্ৰকাশ তিৱাৰী ASTCৰ পৰিচালন সঞ্চালক হৈ থাকোতে।

ASTCৰ ৭৭১ অস্থায়ী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত
কৰ্মবিৰতিৰ সফল নহ’ল, কেৱল প্ৰতিবাদ হ’ল
মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা- আইনগতভাবে লোৱা হৈছে সিদ্ধান্ত
চৰম অনিয়মেৰে নিযুক্তি, বিজ্ঞাপন নোলাল, সাক্ষাৎকাৰ নহ’ল
বহুতৰে চাকৰি হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত
একাংশই চাকৰি লৈছিল সোণোৱাল চৰকাৰৰ দিনত
নেতাৰ শ্লীপত নাম দি বহুজনে লৈছিল চাকৰি
চাকৰি পোৱাসকলক শাস্তি, দিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা কেতিয়া?

বৰ্খাস্ত হোৱা ৭৭১ কৰ্মচাৰীৰ ভিতৰত আছে– ২৯৪ জন সুৰক্ষা সহায়ক, ২২৭ জন মেকানিক, ৮১ জন কৰ্যালয় সহায়ক, ৪৯ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, ৪ জন অভিযন্তা, ৪ জন ফ্ল’ৰমেন আৰু ৬ জন ক্লীনাৰ। অভিযোগ অনুসৰি কংগ্ৰেছ চৰকাৰ আৰু সোণোৱাল চৰকাৰৰ দিনত সম্পূৰ্ণ নীতি বহিৰ্ভূতভাবে চাকৰি লৈছিল এই কৰ্মচাৰীসকলে। অভিযোগ অনুসৰি সেই সমস্ত নিযুক্তিৰ সময়ত প্ৰকাশ পোৱা নাছিল বিজ্ঞাপন, অনুষ্ঠিত হোৱা নাছিল সাক্ষাৎকাৰ। মন্ত্ৰী-বিধায়কৰ শ্লীপতে নিযুক্তি হৈছিল হেনো বহুজনৰ। চৰকাৰে নিজাববীয়াকৈ অনুসন্ধান কৰি এই ভয়ংকৰ তথ্য পোৱাৰ পিছতে বৰ্খাস্ত কৰা হৈছে ৭৭১ অস্থায়ী কৰ্মচাৰীক। কিন্তু বৰ্খাস্ত কৰ্মচাৰীৰ ভাষ্য বিপৰীত। নীতিমতে আবেদন কৰি সাক্ষাৎকাৰ দিয়েই হেনো তেওঁলোকে চাকৰি পাইছিল।

বৰ্খাস্ত কৰ্মচাৰীসকলৰ মুকলি প্ৰত্যহ্বান– যদি অনিয়মেৰেই চাকৰিবোৰ লোৱা হৈছিল তেন্তে চাকৰি দিয়া সকলৰ বিৰুদ্ধে কেতিয়া হ’ব ব্যৱস্থা? কেনেকৈ নিয়মীয়া হ’ল ৯ জনৰ চাকৰি? মনকৰিবলগীয়া যে, বৰ্খাস্ত হোৱা সকলৰ বহুজনে চাকৰি পাইছিল সোণোৱাল চৰকাৰৰ দিনত। তেতিয়া পৰিবহণ মন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰী। ASTCৰ পৰিচালন সঞ্চালক আছিল IPS বিষয়া আনন্দ প্ৰকাশ তিৱাৰী। তিৱাৰীৰ দিনতেই চাকৰিত অনিয়মৰ কথা ওলাইছিল। তদন্তও হৈছিল। তদানীন্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত তদন্ত প্ৰতিবেদনো পৰিছিল। কিন্তু তাতেই সকলো শেষ। ডেপুটেশ্যনত উত্তৰ প্ৰদেশ পালেগৈ IPS আনন্দ প্ৰকাশ তিৱাৰী। মূৰকত চাকৰি গ’ল ৭৭১ জনৰ। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ধুবুৰীত আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...