অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা

গ্ৰন্থবৰ্ষ ২০২৫ উপলক্ষে অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা। ৪৯ গৰাকী লেখক-সাহিত্যিকে লাভ কৰিছে প্ৰকাশন পৰিষদৰ ফেল’শ্বিপ। বিভিন্ন বিষয়ৰ ফেল’শ্বিপৰ বাবে ৫১২গৰাকী লেখকৰ পৰা মুঠ ৫৪৭টা পাণ্ডুলিপি লাভ কৰিছিল প্ৰকাশন পৰিষদে৷ অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠিত দহজনীয়া সমিতিয়ে ঘোষণা কৰে ফেল’শ্বিপ প্ৰাপকৰ তালিকা৷ অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে অসমৰ জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ বাবে মুঠ ২২টা বিষয় ধাৰ্য কৰি পাণ্ডুলিপি বিচাৰিছিল প্ৰকাশন পৰিষদে। ​অসমীয়া ভাষাত ফেল’শ্বিপ প্ৰাপকসকল হৈছে-

​প্ৰকল্প ৰঞ্জন ভাগৱতীঃ কথা কোৱা ঘোঁৰা
​তুতুল মানৱঃ মনৰ জগত
​নাং অজন্তা বুঢ়াগোহাঞিঃ অসমৰ সাতোটা টাই জনগোষ্ঠী
​নৱজ্যোতি পাঠকঃ অবিভক্ত কামৰূপৰ অনন্য সামাজিক ঐতিহ্য
​ৰংমন ৰংদৈ (ৰমেশ বৰুৱাঃ) তোমালোক নিৰোগী হোৱা
​শাংকব কৌশিক বৰুৱাঃ ‘ৰিবেল চন অব্‌ কংগ্ৰেছঃ হৰেশ্বৰ গোস্বামী’
​বিদ্যুৎ বৰুৱা: বাঙ্ময় প্ৰাচীৰ
​বিনয় মোহন শইকীয়াঃ বৈষ্ণৱ, শৈৱ আৰু গৌণ ধৰ্মমতসমূহ (অনুবাদ)
​ববিতা ফুকনঃ কাজিৰঙাৰ দুৰন্ত প্ৰেমিক ডাঃ ৰবীন বেনাৰ্জী
​সত্যব্ৰত বৰাঃ মহাকাশৰ সীমনা বিচাৰি
​অপৰাজিতা পূজাৰীঃ দেৱীমাতৃকা কামাখ্যা (অনুবাদ)
​শশীধৰ দেউৰীঃ দেউৰী জাতিৰ সংস্কৃতি
​নকুল কুৰ্মীঃ ভাৰতৰ স্বাধীনতা আন্দোলনত চাহ জনগোষ্ঠীৰ অৱদান
​ড॰ ৰুমী নাথঃ ডালু জনগোষ্ঠী
​অতুল মজুমদাৰঃ বিৱৰ্তিত নাট্য ইতিহাসৰ আলোকত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ
​সঞ্জীৱ সভাপণ্ডিতঃ ভূমিৰ পৰা ভূমালৈ
​চয়নিকা দত্তঃ সাহিত্য আৰু প্ৰযুক্তি
​প্ৰীতিৰেখা ভূঞাঃ স্বপ্নবাসৱদত্তা (অনুবাদ)
​ড॰ ভূপেন্দ্ৰ ৰায়চৌধুৰীঃ ভাৰতীয় সংস্কৃতিৰ দিগদৰ্শন
​নীলিমা গোস্বামী শৰ্মাঃ আনন্দৰাম ঢেকিয়াল ফুকন
​ৰাজীৱ শৰ্মাঃ অসমীয়া ব্ৰাহ্মণৰ ইতিবৃত্ত
​ৰমানন্দন বৰাঃ হিন্দু ধৰ্মৰ প্ৰতীক: আধুনিক বিচাৰ
​জিন্তু গীতাৰ্থঃ ডিমাছা লোকগাথা, সমাজ, সংস্কৃতি
​পুলিন কলিতাঃ আমবাৰীৰ ঐতিহ্য
​ড॰ গজেন্দ্ৰ অধিকাৰীঃ শিলালিপি আৰু তাম্ৰফলিত পুৰণি কামৰূপ
​দীপক কুমাৰ কলিতাঃ ভাৰতৰত্ন সত্যজিৎ ৰায়
​নিভা শইকীয়াঃ প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈ
​ড॰ মৃদুস্মিতা ফুকনঃ সমকালীন অসমৰ প্ৰেক্ষাপটত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা
​যতীন মৰাণঃ মৰাণ জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি
​ড॰ অনুশ্ৰী শৰ্মা বৰুৱাঃ বেলটৰ মাজৰ প্ৰেম (অনুবাদ)
​হৰিবন্ধু বিশ্বাসঃ নমঃশূদ্ৰ সম্প্ৰদায়ৰ লোকসংস্কৃতি
​গীতিমালিকা নেওগঃ জননেতা বিষ্ণুৰাম মেধি
​সুবোধমল্ল বৰুৱাঃ অসমৰ ফুটবল
​ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মাঃ অসমৰ পখিলা
​ড॰ নৱ কুমাৰ চমুৱাঃ ইক’ক্ৰিটিছিজম
​বন্দিতা গোস্বামী শৰ্মাঃ বেজবৰুৱাৰ জোনাকী আৰু জোৰাসাঁকোকালীন জীৱন
​মোহন লাগাচুঃ মানৱ জাতিৰ পিতৃ আবুতানি
​ড॰ যাদৱ চন্দ্ৰ কলিতাঃ ভাৰতীয় ঐতিহ্যত পাৰিপাশ্বিৰ্ক মূল্যবোধৰ চেতনা
​ঈপ্সিতা কন্দলি শৰ্মাঃ নাৰী সৱলীকৰণ৷

​বাংলা ভাষাত ফেল’শ্বিপ লাভ কৰা সকল হৈছে ক্ৰমে-
​দেবযানী চৌধুৰীঃ বৰাক উপত্যকাৰ ঐতিহ্যেৰ ইতিকথা
​সুদেষ্ণা চন্দঃ ফেলে আসা দিনগুলি (মূল অসমিয়া–নলিনীবালা দেবী)
​শিশিৰ সেনগুপ্তঃ স্বাধীনতা সংগ্ৰামে অসমেৰ বীৰ-বীৰাঙ্গনা
​শাশ্বতী ঘোষ দস্তিদাৰঃ দন্দুয়া দ্ৰোহ (মূল অসমীয়া–ৰজনীকান্ত বৰদলৈ)
নিবেদিতা চক্ৰৱৰ্তীঃ ৰাজমোহন নাথেৰ ৰঙ্গৰসেৰ গল্প (মূল–পীতাম্বৰ ৰাজমেধি)
​নিকিতা সাহাঃ পুৰনো কামৰূপেৰ ধৰ্মেৰ ধাৰা (মূল অসমীয়া- ড॰ বাণীকান্ত কাকতি)
​শ্যামাশ্যাম কৃষ্ণপূজাৰি চট্টোপাধ্যায়: চমস্কীয় ব্যাকৰণঃ তত্ত্ব ও বিশ্লেষণ

​বড়ো ভাষাত ফেল’শ্বিপ লাভ কৰা সকল হৈছে ক্ৰমে-
​ৰিপেন বড়োঃ বনফুল(অনুবাদ)
​সুশান্ত নাৰলা মুছাহাৰীঃ বাথৌ ধৰ্ম আৰু খেৰাই উৎসৱ
​পদুলাল ৰামচিয়াৰীঃ AIৰে মহাসাগৰ পৰিভ্ৰমণ

গ্ৰন্থবৰ্ষ ২০২৫ৰ ফেল’শ্বিপ’ লাভ কৰা লেখকসকলক ৫০ হাজাৰ টকাৰ লগতে একোখনি প্ৰমাণ পত্ৰ প্ৰদান কৰিব অসম প্ৰকাশন পৰিষদে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-জাপানৰ ১৬সংখ্যক বাৰ্ষিক সন্মিলনৰ সফল সামৰণি: অৰ্থনৈতিক নিৰাপত্তা, AI আৰু প্ৰতিৰক্ষাসহ ১৬টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ১৬...

৪ আৰু ৫ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া; পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত কিয় অংশ নলয় পুত্ৰ মোজতাবাই?

শুকুৰবাৰে ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, দেশখনৰ...