মাৰ্কশ্বিটখনক বৈধতা প্ৰদান কৰাৰ দাবী দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ

গুৱাহাটী, ২ জুলাই, NKTV: দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে মেট্রিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত সমূহৰ বিৰোধিতা কৰি কয় যে, আমি বাৰম্বাৰ কৈ আহিছো- শিক্ষা বিভাগৰ কিছু ভুল নীতিৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে তীব্ৰ মানসিক চাপত ভুগিছে। আজি ভয়ানক কথাটো হৈছে- পৰীক্ষা বাতিল হোৱাৰ পাছত গ্ৰহণ কৰা সিদ্ধান্তটোৱে ছাত্র-ছাত্রী সকলক লাভান্বিত নকৰে। বৰঞ্চ ক্ষতিহে কৰিব। ফলাফল দিব-কিন্তু সেই ফলাফলৰ একো ভৱিষ্যত ফলাফল নহ’ব। অৰ্থাৎ ঘোষিত মাৰ্কশ্বিটে কোনো ফলাফল বা লাভালাভ নিদিব ছাত্ৰ-ছাত্ৰী সকলক। তেনেহ’লে- এনে ফলাফল ঘোষণা কৰা কাৰণ কি? কাৰণ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ মাৰ্কশ্বিটখন অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। এই নম্বৰ সমূহে যিকোনো চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত বিশেষ ভূমিকা গ্ৰহণ কৰে। তেনেস্থলত ২০২১ বৰ্ষৰ দশম মান আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ফলাফলৰ নামত এখন উকা কাগজ দিয়া হ’ব কিয়? পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা মূল কাৰণ- নিৰ্বাচন। ৰাজ্যত বিধান সভা নিৰ্বাচনৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক কোনো গুৰুত্ব দিয়া নহ’ল। আনকি লখিমপুৰৰ এগৰাকী ছাত্ৰীয়েও শিক্ষা বিভাগৰ এনে নীতিৰ বাবে আত্মহত্যাৰ দৰে পথ বাচি লবলগীয়া হৈছিল। গতিকে শিক্ষা বিভাগ আৰু চৰকাৰলৈ আমাৰ দাবী ঘোষিত হ’বলগীয়া ফলাফলৰ ভিত্তিত প্ৰদান কৰিবলগীয়া মাৰ্কশ্বিটখনক বৈধতা প্ৰদান কৰক।যদিহে মাৰ্কশ্বিটৰ নম্বৰৰ কোনো মান্যতা নাথাকে- তেনেহ’লে ফলাফলৰ নাটক কিয়? অনতিপলমে চৰকাৰ আৰু শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই দাবী তুলিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...