চৈয়দ মুস্তাক আলী ট্ৰফীত অসমৰ প্ৰথমটো জয়

চলিত চৈয়দ মুস্তাক আলী ট্ৰফী ২০২১ত গুজৰাটক ৭ উইকেটত পৰাস্ত কৰি প্ৰথমটো জয় সাব্যস্ত কৰে অসমে। টছত জয়ী হৈ গুজৰাটে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় কিন্তু মাত্ৰ ৮৯ ৰাণহে কৰিবলৈ সমৰ্থ হয়। অসমৰ মুখতাৰ হুছেইনে তেওঁৰ চাৰি অভাৰৰ স্পেলত মাত্ৰ ১৪ ৰাণ দি গুৰুত্বপূৰ্ণ ৩টা উইকেট দখল কৰে।

ইফালে প্ৰীতম দাস, ৰিয়ান পৰাগ আৰু ৰাজাকুদ্দিন আহমেদেও ২টাকৈ উইকেট দখল কৰে। গুজৰাটৰ হৈ ৰিপল পেটেল আৰু পিযুষ চাওলাই সৰ্বাধিক ২১ ৰাণ সংগ্ৰহ কৰে।

অসমৰ অভিষেক ঠাকুৰীৰ ২৩ আৰু অধিনায়ক ৰিয়ান পৰাগৰ ২০ ৰাণে অসমক সহজ বিজয় সাব্যস্ত কৰাত সহায় কৰে। ইয়াৰ পূৰ্বে অসমে প্ৰতিযোগিতাখনত তেওঁলোকৰ প্ৰাৰম্ভিক খেলখন মধ্য প্ৰদেশৰ হাতত পৰাস্ত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...