চৈয়দ মুস্তাক আলী ট্ৰফীত অসমৰ প্ৰথমটো জয়

চলিত চৈয়দ মুস্তাক আলী ট্ৰফী ২০২১ত গুজৰাটক ৭ উইকেটত পৰাস্ত কৰি প্ৰথমটো জয় সাব্যস্ত কৰে অসমে। টছত জয়ী হৈ গুজৰাটে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় কিন্তু মাত্ৰ ৮৯ ৰাণহে কৰিবলৈ সমৰ্থ হয়। অসমৰ মুখতাৰ হুছেইনে তেওঁৰ চাৰি অভাৰৰ স্পেলত মাত্ৰ ১৪ ৰাণ দি গুৰুত্বপূৰ্ণ ৩টা উইকেট দখল কৰে।

ইফালে প্ৰীতম দাস, ৰিয়ান পৰাগ আৰু ৰাজাকুদ্দিন আহমেদেও ২টাকৈ উইকেট দখল কৰে। গুজৰাটৰ হৈ ৰিপল পেটেল আৰু পিযুষ চাওলাই সৰ্বাধিক ২১ ৰাণ সংগ্ৰহ কৰে।

অসমৰ অভিষেক ঠাকুৰীৰ ২৩ আৰু অধিনায়ক ৰিয়ান পৰাগৰ ২০ ৰাণে অসমক সহজ বিজয় সাব্যস্ত কৰাত সহায় কৰে। ইয়াৰ পূৰ্বে অসমে প্ৰতিযোগিতাখনত তেওঁলোকৰ প্ৰাৰম্ভিক খেলখন মধ্য প্ৰদেশৰ হাতত পৰাস্ত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...