অসম সাহিত্য সভাৰ “সেতু বন্ধ“ কাৰ্যসূচী

অসম আৰু অৰুণাচলে সাহিত্য-সংস্কৃতিৰে সমন্বয়ৰ সাঁকো গঢ়িছে

অৰুণাচল প্ৰদেশৰ ‘ন্যুকুম য়ল্লু’ত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী

অসম সাহিত্য সভাই অৰুণাচল প্ৰদেশলৈ সমন্বয় যাত্ৰাৰ জৰিয়তে মৰম স্নেহৰ যুগমীয়া বান্ধোন অখুন্ন ৰখাৰ লগতে অধিক শক্তিশালী কৰিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই থকা অসম সাহিত্য সভা আৰু নিচি ইলাইত ছছাইটিয়ে অনাগত দিনবোৰত উমৈহতীয়াভাৱে অনুবাদ আৰু গৱেষণাৰ মাধ্যমেৰে ভাষা, সাহিত্য-সংস্কৃতিৰ আদান-প্ৰদানৰ বাটকটীয়া হʼব লাগিব। ন্যুকুমৰ পূজা-আৰাধনাত উৎসৰ্গিত নিচি জনগোষ্ঠীয়ে নিশ্চিতভাৱে এই আকাংক্ষিত লক্ষ্যত আমাক উপনীত কৰাব; এই সূৰ্য উঠা প্ৰদেশৰ পৱিত্ৰ স্থানৰ পৰা অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা “সেতু বন্ধ“ কাৰ্যসূচী অনুসৰি দেশৰ বিভিন্ন ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিবলৈ অৰুণাচল প্ৰদেশৰ চিজুছাত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়।অৰুণাচল প্ৰদেশৰ অন্যতম জনগোষ্ঠী নিচি জনগোষ্ঠীৰ সংগঠন ‘নিচি ইলাইট ছ’চাইটি (নেচ)’ৰ উদ্যোগত চিজুছাৰ পাকে পাগা পথাৰ, নীতি দাৰলোঙত অনুষ্ঠিত হোৱা ৪২ সংখ্যক ‘ ন্যুকুম য়ল্লু ২০২৫’ শীৰ্ষক পবিত্ৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসমীয়াৰ বাপতিসাহোন বিহুৰ এটা বৃহৎ সাংস্কৃতিক দল সহিতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে অৰুণাচলৈ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনে।

যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা চিজুচাৰ এই বৃহৎ সমাৱেশত বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকা, সাংগঠনিক সম্পাদক অপূৰ্ব ফুকন, সচিব অশোক সেনাপতি, মুক্ত শিক্ষা সংসদৰ আহ্বায়ক তুফেল জিলানী, কুঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক প্ৰবীণ হাজৰিকা, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি নৱনিৰ্বাচিত সভাপতি মহেন্দ্ৰ গগৈ, বংকিম বৰুৱা, চম্পক গগৈকে ধৰি বহুকেইজন বিষয়ববীয়াই ঐক্য, শান্তি আৰু সমন্বয়ৰ বাৰ্তা জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা মুখ্য পৃষ্ঠপোষক বিয়োৰাম ৱাঘে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত অতিৰিক্ত উপায়ুক্ত তথা পৃষ্ঠপোষক কেশাং ওৱাংদা, কোষাধ্যক্ষ অনিল চিৰিল, আদৰণী সমিতিৰ সভাপতি ৰাফে দাৱে, সম্পাদক ৱাচাঙ ৱাহগে প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

সভাখনত ‘নিচি ইলাইট ছ’চাইটি’ৰ কেন্দ্ৰীয় সম্পাদক হেৰী মাৰিঙে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ নেতৃত্বত ভাতৃত্ববোধ কাৰ্যসূচীৰ বাবে সাহিত্য সভাই গ্ৰহণ কৰা এই সেতু বন্ধ কাৰ্যসূচীৰ জড়িয়তে অসমকে ধৰি সাতভনী ৰাজ্যসমূহৰ সকলো জনগোষ্ঠীৰ মাজত ঐক্য আৰু সংহতি বাণী বিতৰণৰ এই মহৎ পদক্ষেপৰ শলাগ গ্ৰহণ কৰি একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। হাজাৰোধিক দৰ্শক-শ্ৰোতাক আহ্লাদিত কৰা অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন লোক নৃত্যৰ সমাহাৰ, নেপালী নৃত্য, বড়ো নৃত্য, নিচি নৃত্য, বিহু নৃত্যই অনন্য মাত্ৰা প্ৰদান কৰে।।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...