অইলক পৰাজিত কৰি ষষ্ঠবাৰৰ বাবে এ টি পি এৰ খিতাপ লাভ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে দুলীয়াজান অইল ইণ্ডিয়া একাদশক পৰাজিত কৰি ৫৭সংখ্যক এ টি পিএ শিল্ড ফুটবল প্ৰতিযোগিতাত খিতাপ দখল কৰিছে। যোৰহাট ষ্টেডিয়ামত আজি অনুষ্ঠিত উত্তেজনাপূৰ্ণ ৰোমাঞ্চকৰ চূড়ান্ত খেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে অইল ইণ্ডিয়াক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে এ টি পিএ শিল্ড নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়। খেলৰ আৰম্ভনিৰে পৰা দুয়োটা দলে চুটি চুটি পাছেৰে বিপক্ষৰ গলবক্সত হেঁচাৰ সৃষ্টি কৰে। খেলৰ ১৩ মিনিটতে অইল ইণ্ডিয়াৰ এজন খেলুৱৈক বিদ্যুৎ পৰিষদৰ ডিফেণ্ডাৰে বক্সৰ ভিতৰতে ফাউল কৰাৰ অইলে পেনাল্টি লাভ কৰে। অইলৰ ১১ নম্বৰ জাৰ্চী পৰিহিত মিন্টু বড়োৱে পেনাল্টি কাৰ্যকৰী কৰি দলক ১-০ অগ্ৰগতি প্ৰদান কৰে। এক গলত পিছ পৰি বিদ্যুৎ পৰিষদে অইলৰ গলবক্সত হেঁচা দি কেইবাটাও সুযোগ সৃষ্টি কৰে যদিও দূৰ্বল ফিনিছিঙৰ বাবে গল লাভ কৰিবলৈ সক্ষম নহ’ল।

১-০ ব্যৱধানত পাছপৰি দ্বিতীয়াৰ্ধ আৰম্ভ কৰা বিদ্যুৎ পৰিষদে অধিক উজ্জীৱিত প্ৰদৰ্শনেৰে অইলক হেচাত ৰাখিবলৈ আৰম্ভ কৰে। ফলত অইলে আক্ৰমণাত্মক শৈলীৰ পৰিবৰ্তে ৰক্ষণাত্মক খেল প্ৰদৰ্শনেৰে নিজৰ দুৰ্গ ৰক্ষাত ব্যস্ত হৈ পৰে। খেলৰ ৫৩ মিনিটত বিদ্যুৎ পৰিষদে এটি সুন্দৰ সুযোগ পাইছিল যদিও তাকো গলবাৰৰ ওপৰেৰে মাৰি নষ্ট কৰে। ৬৭ মিনিটত বিদ্যুৎ পৰিষদৰ জিজ্ঞাস ডেকাৰ মাইনাছত ষ্ট্ৰাইকাৰ নিকডিম নাৰ্জাৰীৰ হেড গলবক্সৰ ওপৰেৰে যোৱাত বিদ্যুৎ পৰিষদে পুনৰ সমতা স্থাপনৰ সুযোগ হেৰুৱায়। ক্ৰমান্বয়ে অধিক অগ্ৰাসী হৈ উঠা বিদ্যুতৰ হৈ খেলৰ ৭৪ মিনিটত সুবুংসা বসুমতাৰীয়ে ৰাইট উইঙৰ পৰা দিয়া এটা সুন্দৰ পাছত নিৰ্ভৰযোগ্য ষ্ট্ৰাইকাৰ ত্ৰিদিব বড়োৱে বল নেটলৈ ঠেলি বিদ্যুত পৰিষদক সমতা স্থাপন কৰোৱায় । সমতা স্থাপনৰ পাছতে অধিক সংগবদ্ধ আক্ৰমণৰ জৰিয়তে ৮১ মিনিটত বিদ্যুতৰ নিৰ্ভৰযোগ্য হাফ সুবুংসা বসুমতাৰীয়ে লেফট উইঙৰ পৰা দিয়া পাছত নিকডিম নাৰ্জাৰীয়ে সুন্দৰ শ্বটেৰে গল কৰি দলক ২-১ গলত অগ্ৰগতি প্ৰদান কৰে। অগ্ৰগতি লাভ কৰি নিজৰ চন্দ ঘুৰাই পোৱা বিদ্যুতে অইলৰ ওপৰত অহৰহ হেঁচা প্ৰয়োগ কৰে যদিও অধিক গল কৰিবলৈ সক্ষম নহ’ল। খেলৰ ৫৬ মিনিটত অইলৰ গলৰক্ষক অৰুপ বৰুৱাই ৰেফাৰীক কৰা দুৰ্ব্যৱহাৰৰ বাবে হালধীয়া কাৰ্ড লাভ কৰে। ৬০ মিনিটত অইলৰ বাসুদেৱ বৰুৱাক বিধিনিষিদ্ধ ফাউলৰ বাবে ৰেফাৰীয়ে হালধীয়া কাৰ্ড দেখুৱায়। ৭১ মিনিটত সুনীল মুৰ্মুক হালধীয়া কাৰ্ড দেখুৱায়।

প্ৰতিযোগিতাৰ সৰ্বোচ্চ গলদাতাৰ সন্মান লাভ কৰে যোৰহাট টাউন ক্লাব দলৰ অধিকাৰী মায়ুঙ ডিংকু শৰ্মাই। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলৰ ত্ৰিদিপ বড়োৱে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ফ্লেয়াৰ প্লে দলৰ বটা লাভ কৰে গোৰ্খা ট্ৰেইনিঙ চেন্টাৰে। যোৰহাট জিলা ক্ৰীয়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আত ধৰা বটা বিতৰণী অনুষ্ঠানত বিজয়ী দল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক বঁটা প্ৰদান কৰে সাংসদ তপন গগৈ আৰু এ টি পি এৰ চেয়াৰমেন গৌতম বৰুৱাই। বিজিত দল অইল ইণ্ডিয়া একাদশক বঁটা প্ৰদান কৰে অসম ফুটবল সন্থাৰ উপ-সভাপতি অৰুণজ্যোতি মৰাণে। খেল পৰিচালনা কৰে সুমন্ত দত্তই। লাইনত বিমান বুঢ়াগোহাই ,পৱন পাঠক। চতুৰ্থ থানেশ্বৰ ৰেগন।

আজিৰ চূড়ান্ত খেলৰ পূৰ্বে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, এ টি পি এৰ চেয়াৰমেন গৌতম বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী, উপ-মুখ্য কাৰ্যবাহী পুলক কছাৰী, অসম ফুটবল সন্থাৰ অৰুণজ্যোতি মৰাণ খেলুৱৈসকলৰ সৈতে পৰিচয় হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধুবুৰীৰ ছাগলীয়াত আৰক্ষীৰ গুলীচালনা, য়াবা টেবলেট আৰু ব্ৰাউন ছুগাৰসহ আটক ২ সৰবৰাহকাৰী

ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়া তিনিআলিত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। ড্ৰাগছ...

জয়পুৰৰ পিতৃগৃহত ঘনকান্ত গগৈৰ মৃতদেহ; এনকাউণ্টাৰক লৈ পত্নীৰ সন্দেহ, পুত্ৰক সাহসী আখ্যা ঘনকান্তৰ মাতৃৰ

জয়পুৰৰ পিতৃগৃহত উপস্থিত কৰা হৈছে ঘনকান্ত গগৈৰ মৃতদেহ। স্বামীৰ...

তিনিচুকীয়াত NIOS পৰীক্ষাকেন্দ্ৰত ধনৰ খেল! আৰক্ষীৰ জালত অধ্যক্ষসহ কেইবাজনো

তিনিচুকীয়াত NIOS পৰীক্ষাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা। ধনৰ বিনিময়ত...

জাগীৰোডত পুনৰ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য! মহিলাক ডিঙি চেপি আক্ৰমণ, অশালীন গালি-গালাজ

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত দিনকদিনে বৃদ্ধি পাইছে ই-ৰিক্সা...