ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী আৰু নাই

বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীৰ দেহাৱসান। ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক হিচাপে খ্যাতি আছিল গোস্বামীৰ। ৮২ বছৰ বয়সত যোৰহাটৰ খ্ৰীষ্টান হাস্পতালত দেহাৱসান সাহিত্যিকজনৰ। বিভিন্ন সময়ত বিজ্ঞান মনস্কতাৰ ওপৰত গোস্বামীয়ে আৰোপ কৰিছিল গুৰুত্ব। তথাকথিত ধৰ্মীয় গণ্ডীৰ পৰা দূৰৈত আছিল তেওঁৰ চিন্তাধাৰা। মৃত্যুৰ পিছত নিজৰ শৰীৰ দান কৰি থৈ গৈছে অৰুণ গোস্বামীয়ে। টেলিভিছনৰ পৰ্দাতো গোস্বামী আছিল এক সবল কণ্ঠ। বৰ্ণবাদৰ বিৰুদ্ধে সজোৰে যুক্তি ৰাখিছিল গোস্বামীয়ে। তেওঁৰ একাধিক গ্ৰন্থ জনমানসত সমাদৃত। তেওঁৰ ‘মাছমৰীয়া ছোৱালীৰ লাজ’ নামৰ গ্ৰন্থখনৰ কাহিনীৰে নিৰ্মাণ হৈছে চিনেমাও। মঞ্জু বৰাই নিৰ্মাণ কৰিছিল ‘লাজ’ নামৰ প্ৰশংসিত ছবিখন। অৰুণ গোস্বামীৰ দেহাৱসানত ৰাজ্যৰ সুধী সমাজত শোকৰ ছাঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...