অপাৰেশ্যন সিন্দূৰৰ সময়ত সেনাবাহিনীক খাদ্য সামগ্ৰী যোগান ধৰিছিল ১০ বছৰীয়া শবন সিঙে… শবনৰ পঢ়া-শুনাৰ দায়িত্ব ল’লে ভাৰতীয় সেনাই

‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত ভাৰতীয় সেনা জোৱানক খাদ্য সামগ্ৰী যোগান ধৰিছিল ১০ বছৰীয়া শবন সিঙে। ডাঙৰ হৈ তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰে। তেওঁৰ পঢ়া-শুনাৰ খৰচ বহনৰ দায়িত্ব লৈছে ভাৰতীয় সেনাই। দেওবাৰে সেনাৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে।

পঞ্জাৱৰ ফেৰোজপুৰৰ তাৰা ৱালি গাঁৱৰ বাসিন্দা শবন। ‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছত পাকিস্তানৰ সৈতে ভাৰতৰ যি সশস্ত্ৰ সংঘৰ্ষ হৈছিল, সেই সময়ত শবনে সেনা জোৱানক সহায় কৰিছিল। সেনাৰ বিবৃতি অনুসৰি, যুদ্ধৰ সময়ত শবনে ভোকাতুৰ জোৱানৰ ওচৰলৈ পানী, বৰফ, চাহ, গাখীৰ আৰু লাচিৰ দৰে খাদ্য সামগ্ৰী লৈ গৈছিল।

শবনৰ এই দায়িত্বশীলতা আৰু মানৱীয়তাত মুগ্ধ হৈছিল জোৱানসকল। ভাৰতীয় সেনাৰ গোল্ডেন এৰ’ ডিভিশ্যনে তেওঁৰ পঢ়া-শুনাৰ খৰচ বহনৰ সিদ্ধান্ত লৈছে। একাধিক অনুষ্ঠানত ইতিমধ্যে সেনাৰ তৰফৰ পৰা শবনৰ কীৰ্তিৰ কথা প্ৰচাৰ কৰা হৈছে। তেওঁক উৎসাহিত কৰা হৈছে। সেনাই শবনক প্ৰশংসাৰে উপচাই তুলিছে। তেওঁক কোৱা হৈছে সিন্দূৰ অভিযানৰ ‘নীৰৱ নায়ক’।

শবনে কৈছে, “মই ডাঙৰ হৈ সেনাবাহিনীত যোগ দিব বিচাৰো। সৈনিক হ’ব বিচাৰো। দেশৰ সেৱা কৰিব বিচাৰো।” তেওঁৰ পিতৃয়ে ক’লে, “আমি ল’ৰাটোৰ বাবে গৌৰৱান্বিত। জোৱানসকলেও তাক বহুত ভাল পায়।” যুদ্ধৰ সময়ত সেনাক খোৱা-বোৱা দিয়াৰ কথা শবনক কোনেও কোৱা নাছিল। তেওঁ নিজেই খাদ্য সামগ্ৰী লৈ তেওঁলোকৰ ওচৰলৈ গৈছিল। পাকিস্তান সীমান্তৰ পৰা শবনৰ গাঁৱৰ দূৰত্ব প্ৰায় দুই কিলোমিটাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...