আন এক কামৰ বাবে প্ৰশংসাৰে উপচি পৰিছে অভিনেতা অনুপম খেৰ!

“THE KASHMIR FILES”ৰ সফলতাৰ পাছত আন এক প্ৰশংসাৰে উপচি পৰিছে অভিনেতা অনুপম খেৰ । ‘দ্য কাশ্মীৰি ফাইলছ’ ফলতাৰ মাজতে পুনৰ আকৌ চৰ্চাত আহিছে অভিনেতাজন । এটা ইনষ্টাগ্ৰামৰ ভিডিঅ’ৰ পৰা অভিনেতাজন সকলোৰে প্ৰশংসাত আহিছে । অভিনেতাজনে ভিডিঅ’টোত কৈছে, “মই অলপতে মোৰ মেকআপ আৰ্টিষ্টৰ জীয়ৰীৰ বিয়াত উপস্থিত হওঁ আৰু মই দম্পতী হালক আৰ্শীবাদ দিওঁ” । আৰু ভিডিঅ’টোত তেওঁ কয় যে “আজি মোৰ ২৭বছৰীয়া মেকআপ শিল্পী মংগেশ দেশাইৰ জীয়ৰী মৈথেলীয়ে সতীন্দ্ৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে । মই পৰ্দাত অভিনয় কৰা সময়ৰে পৰা মোৰ সকলো চৰিত্ৰক মংগেশে তেওঁৰ অপৰিসীম মৰম দিছে । ইয়াৰ ভিতৰত কাশ্মীৰী ফাইলছো এখন। ঈশ্বৰে সদায় দম্পতিহালক আৰ্শীবাদ দি যাব । মোৰ ফালৰ পৰাও বহুত মৰম আৰু আৰ্শীবাদ । আৰু শেষত তেওঁ কয় যে মোৰ কৰ্মচাৰি সকলেই মোৰ শক্তি”।
অনুপম খেৰৰ এই সহজ সৰল মনোভাৱৰ বাবেই অনুৰাগীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে আৰু সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...