আন এক কামৰ বাবে প্ৰশংসাৰে উপচি পৰিছে অভিনেতা অনুপম খেৰ!

“THE KASHMIR FILES”ৰ সফলতাৰ পাছত আন এক প্ৰশংসাৰে উপচি পৰিছে অভিনেতা অনুপম খেৰ । ‘দ্য কাশ্মীৰি ফাইলছ’ ফলতাৰ মাজতে পুনৰ আকৌ চৰ্চাত আহিছে অভিনেতাজন । এটা ইনষ্টাগ্ৰামৰ ভিডিঅ’ৰ পৰা অভিনেতাজন সকলোৰে প্ৰশংসাত আহিছে । অভিনেতাজনে ভিডিঅ’টোত কৈছে, “মই অলপতে মোৰ মেকআপ আৰ্টিষ্টৰ জীয়ৰীৰ বিয়াত উপস্থিত হওঁ আৰু মই দম্পতী হালক আৰ্শীবাদ দিওঁ” । আৰু ভিডিঅ’টোত তেওঁ কয় যে “আজি মোৰ ২৭বছৰীয়া মেকআপ শিল্পী মংগেশ দেশাইৰ জীয়ৰী মৈথেলীয়ে সতীন্দ্ৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে । মই পৰ্দাত অভিনয় কৰা সময়ৰে পৰা মোৰ সকলো চৰিত্ৰক মংগেশে তেওঁৰ অপৰিসীম মৰম দিছে । ইয়াৰ ভিতৰত কাশ্মীৰী ফাইলছো এখন। ঈশ্বৰে সদায় দম্পতিহালক আৰ্শীবাদ দি যাব । মোৰ ফালৰ পৰাও বহুত মৰম আৰু আৰ্শীবাদ । আৰু শেষত তেওঁ কয় যে মোৰ কৰ্মচাৰি সকলেই মোৰ শক্তি”।
অনুপম খেৰৰ এই সহজ সৰল মনোভাৱৰ বাবেই অনুৰাগীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে আৰু সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...