কিয় কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ?

কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, জিলা প্ৰশাসন যথেষ্ট সষ্টম হৈ পৰিছে। কিন্তু কিয় কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী? কেৱল ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহিবনে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী? কাজিৰঙাৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে সদৰী কৰা অনুসৰি কাজিৰঙাত নিৰ্মান হ’ব লগীয়া ২,৬২৫ কোটি টকাৰ ৩৬ কিঃমিঃ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম বৃহৎ উৰণীয়া হেঁতুৰ প্ৰাৰম্ভিক কাম-কাজৰ বুজ ল’বলৈ আহিব ৰাষ্ট্ৰীপতিগৰাকী। কাজিৰঙাত বন বিভাগে ৰাষ্ট্ৰপতিগৰাকীৰ সন্মুখত এলিভেটেড কৰিডৰত নিৰ্মাণ হ’বলগীয়া উৰণীয়া হেতুৰ বিৱৰণ তুলি ধৰিব। অহা ২৬ ফেব্ৰুৱাৰীত বন বিভাগৰ পৰমানন্দ লাহন প্রেক্ষাগৃহত ৰাষ্ট্ৰপতিগৰাকীৰ বাবে প্ৰদৰ্শিত হ’ব কাজিৰঙাৰ ঐতিহ্য-ইতিহাস। আনহাতে, ২৭ ফেব্ৰুৱাৰীৰ পুৱা কাজিৰঙাৰ কহঁৰা বনাঞ্চলত হাতী চাফাৰী অথবা জীপ চাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। উল্লেখ্য যে, স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত দ্বিতীয়জন ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ হ’ব। কাৰণ ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰিছিল ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাৰমাণৱিক শক্তিৰ যুগলৈ বাংলাদেশ! ৰূপপুৰ প্ৰকল্পৰ প্ৰথম ৰিয়েক্টৰত আৰম্ভ স্বয়ংসম্পূৰ্ণ নিউক্লীয় বিক্ৰিয়া

প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বিদ্যুৎ উৎপাদনৰ দিশে বাংলাদেশৰ বৃহৎ পদক্ষেপ।...

দেৰগাঁৱত পিষ্টলসহ আটক ১৮ বছৰীয়া যুৱক

সোমবাৰে সন্ধিয়া দেৰগাঁৱত পিষ্টলসহ আটক ১৮ বছৰীয়া যুৱক। আটকাধীন...

মণিপুৰত পৃথক গুলীচালনাৰ ঘটনাত ৪ জন নিহত, ইম্ফলত উত্তপ্ত প্ৰতিবাদ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। পৃথক দুটা গুলীচালনাৰ ঘটনাত কমেও...

ভাৰতীয় ক্ৰিকেটৰ নতুন মুখ্য নিৰ্বাচক হিচাপে নিযুক্ত প্ৰজ্ঞান ওঝা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ প্ৰাক্তন ভাৰতীয় স্পিনাৰ প্ৰজ্ঞান...