২০০৬ চনত মুম্বাইৰ স্থানীয় ৰে’লত ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত হোৱা ১২ জনকেই নিৰ্দোষী ঘোষণা কৰিলে বম্বে হাই কোৰ্টে। ২০১৫ চনত সংশ্লিষ্ট গোচৰত নিম্ন আদালতে ১২ জনকেই দোষী সাব্যস্ত কৰিছিল। পাঁচজনক আজীৱন কাৰাদণ্ড আৰু বাকীসকলক মৃত্যুদণ্ড দিছিল। ১৯ বছৰ পুৰণি এই গোচৰত সোমবাৰে বম্বে হাই কোৰ্টৰ বিচাৰপতি অনিল কিলোৰ আৰু বিচাৰপতি শ্যাম চন্দকৰ পৰ্যবেক্ষণত কোৱা হৈছে যে, যথোপযুক্ত প্ৰমাণৰ অভাৱ আছে। তাৰ বাবে অভিযুক্তসকলক নিৰ্দোষী ঘোষণা কৰা হৈছে।
২০০৬ চনৰ ১১ জুলাইত ১১ মিনিটৰ ভিতৰত মুম্বাইৰ কেইবাখনো স্থানীয় ৰে’লত বিস্ফোৰণ সংঘটিত হৈছিল। মুঠ ১৮৯ জন নিহত হৈছিল। ৮০০ৰো অধিক লোক আহত হৈছিল। প্ৰথম বিস্ফোৰণটো হৈছিল সন্ধিয়া ৬ বাজি ২৪ মিনিটত। কাৰ্যালয়ৰ পৰা ঘূৰি অহা ভিৰৰ মাজত দ্বিতীয় বিস্ফোৰণটো হৈছিল ৬ বাজি ৩৫ মিনিটত। মুঠ ৬টা ষ্টেশ্যনত চাৰ্চগেটৰ পৰা অহা ৰে’লসমূহত বিস্ফোৰণ সংঘটিত হৈছিল। এই ঘটনাৰ তদন্তত মুম্বাই আৰক্ষীয়ে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল।
২০১৫ চনত নিম্ন আদালতে মুঠ ১২ জনক দোষী সাব্যস্ত কৰিছিল। ফয়জল শ্বেখ, আচিফ খান, কমল আনছাৰী, ইথশাম ছিদ্দিকী আৰু নভেদ খানক মৃত্যুদণ্ড দিয়া হৈছিল। বাকী সাতজনে বিস্ফোৰণ ষড়যন্ত্ৰ কৰাৰ অপৰাধত আজীৱন কাৰাদণ্ড লাভ কৰিছিল। এই ১২জনে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই হাই কোৰ্টৰ দ্বাৰস্থ হৈছিল।
হাই কোৰ্টে এই গোচৰৰ শুনানিত কৈছে, “অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ প্ৰমাণ কৰাত গোচৰকাৰীসকল সম্পূৰ্ণৰূপে বিফল হৈছে। এইটো বিশ্বাস কৰাটো কঠিন যে, এই অভিযুক্তসকলে অপৰাধ কৰিছিল। গতিকে, তেওঁলোকক দোষী সাব্যস্ত কৰা নিৰ্দেশ বাতিল কৰা হৈছে।” আদালতৰ মতে, অভিযুক্তসকল যদি অন্য কোনো গোচৰত জড়িত নহয়, তেন্তে তেওঁলোকক কাৰাগাৰৰ পৰা মুক্তি দিয়া হ’ব।
