পাকিস্তানৰ আলীক দ্বিতীয় সৰ্বোচ্চ সন্মান প্ৰদান কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে

টেলিভিছনৰ আগমনৰ পিছৰে পৰা ফ্ৰান্সত সংবাদপত্ৰৰ বিক্ৰী যথেষ্ট কমি গৈছে। সময়ৰ লগে লগে যুগ যিমানেই ‘ডিজিটাইজড’ হৈছে, ছপাখানাৰ সংবাদপত্ৰৰ চাহিদা সিমানেই হ্ৰাস পাইছে। কিন্তু অত্যাধুনিক যুগতো পেৰিছত সংবাদপত্ৰৰ বিক্ৰী কৰিছে এজন ব্যক্তিয়ে—তেওঁ হৈছে আলী আকবৰ। পেৰিছত থাকিলেও তেওঁৰ মূল ঘৰ পাকিস্তানৰ ৰাৱালপিণ্ডিত। এইবাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ সম্মান ‘অৰ্দ্ৰ নাচিয়নাল দ্যু মেৰিত’ (নেচনেল অৰ্ডাৰ অৱ মেৰিট) প্ৰদান কৰিব।

৫০ বছৰ ধৰি আলী পেৰিছৰ পথত ঘূৰি ফুৰি সংবাদপত্ৰ বিক্ৰী কৰি আহিছে। হাঁহিমুখে আৰু কেতিয়াবা কৌতুকৰ সুৰ মিহলাই তেওঁ পথচাৰীৰ হাতত তুলি দিছে শ্বাৰ্লি এবদো, ল্য মঁদৰ দৰে জনপ্ৰিয় সংবাদপত্ৰ। ছপাখানাৰ সংবাদপত্ৰৰ সৈতে আলীৰ যেন আত্মাৰ সম্পৰ্ক। সেয়েহে সংবাদৰ ‘ডিজিটাইজেশ্যন’ৰ যুগতো তেওঁ নিজৰ পেছাক একে ঠাইতে ৰাখিছে। কেৱল ছপাখানাৰ সংবাদপত্ৰ বিক্ৰীৰ প্ৰতি ভালপোৱাৰ বাবেই তেওঁ ৫০ বছৰ ধৰি অক্লান্তভাৱে এই কাম কৰি আহিছে।

১৯৭৩ চনত আলী ফ্ৰান্সলৈ আহে আৰু সংবাদপত্ৰ বিক্ৰীক পেছা হিচাপে বাছি লয়। পাকিস্তানৰ পৰা ইউৰোপৰ দেশ ফ্ৰান্সলৈ আহি তেওঁ সংবাদপত্ৰ বিক্ৰেতা হিচাপে কাম আৰম্ভ কৰে। কেৱল বিক্ৰী নহয়, পাঠকসকলক নিজৰ কৌতুকবোধৰ জৰিয়তেও মোহিত কৰি ৰাখিছে তেওঁ। এইটোৱে আছিল তেওঁৰ সংবাদপত্ৰ বিক্ৰীৰ নিজস্ব ধৰণ। প্ৰথমে তেওঁ ছ’ৰব’ন বিশ্ববিদ্যালয় আৰু ইয়াৰ আশে-পাশে থকা ছাত্ৰ-ছাত্ৰীৰ মাজত শ্বাৰ্লি এবদোৰ দৰে পত্ৰিকা বিক্ৰী কৰিছিল। টেলিভিছনৰ আগমনৰ পিছত সংবাদৰ জগতত দ্ৰুত পৰিৱৰ্তন আৰম্ভ হ’ল। ছপাখানাৰ সংবাদপত্ৰৰ ঠাই টিভিয়ে দখল কৰিবলৈ ধৰিলে। তাৰ পিছত আহিল ইণ্টাৰনেট। সংবাদপত্ৰৰ প্ৰভাৱ আৰু কমি গ’ল। কিন্তু এই সকলোবোৰৰ মাজতো আলী পিছুৱাই নাহিল। কাৰণ তেওঁ সহজে হাৰ মনা মানুহ নহয়। সেয়েহে ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ পথত তেওঁ ছপাখানাৰ সংবাদপত্ৰক জীয়াই ৰাখিছে। তেওঁ কয়, “হাতত সংবাদপত্ৰ লৈ বিক্ৰী কৰাৰ অনুভৱেই বেলেগ। মোৰ বাবে এইটো অমূল্য।” তেওঁ আৰু কয়, “টেবলেটৰ দৰে আধুনিক গেজেট মোৰ পছন্দ নহয়। যিবোৰ হাতত ধৰি পঢ়িব পৰা যায় আচল আনন্দ তাতহে আছে, স্ক্ৰীণত নাই।”

আলীয়ে আৰু কয়, “সংবাদপত্ৰ বিক্ৰীৰ মোৰ নিজস্ব এটা ধৰণ আছে। মই মানুহক মজা মজা কথা শুনাই ভাল পাওঁ। মানুহক হহুঁৱাই ভাল পাওঁ। মানুহৰ মনৰ ভিতৰত সোমোৱাৰ চেষ্টা কৰোঁ। সেয়েহে তেওঁলোকৰ হাতত সংবাদপত্ৰ তুলি দিয়া কাৰ্যটো মোৰ বৰ ভাল লাগে।”

কিন্তু এই ডিজিটেল যুগতো তেওঁ কেনেকৈ এই পেছাক জীয়াই ৰাখিছে? আলীয়ে কয়, “আঠ ঘণ্টাত মই ২০খন ল্য মঁদ বিক্ৰী কৰোঁ। এতিয়া মানুহে ছপাখানাৰ সংবাদপত্ৰ কিনিবলৈ বিচৰা নাই।” কিন্তু তাতে কি হ’ল! যিমান দিন শৰীৰত বল থাকিব, সিমান দিন তেওঁ পেৰিছৰ পথত এনেদৰেই সংবাদপত্ৰ বিক্ৰী কৰি যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...