আনন্দ মিশ্ৰৰ বদলিৰ পিছত নগাঁৱত প্ৰথমটো এনকাউণ্টাৰ!

ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক এনকাউণ্টাৰৰ ঘটনা। নগাঁৱত আকৌ ড্ৰাগ্ছ মাফিয়াক এনকাউণ্টাৰ কৰিলে আৰক্ষীয়ে। এইবাৰ জুৰীয়া বালিকটীয়াত আৰক্ষীয়ে গুলীয়ালে ড্ৰাগ্ছ মাফিয়া চাহজাহান আলী ওৰফে চাজুক।

জুৰীয়া বালিকটীয়াত থকা চাহজাহানৰ বাসগৃহত নিশা তালাচী চলাবলৈ গৈছিল আৰক্ষীৰ এটা দল। পিছে তালাচী চলাবলৈ যোৱা আৰক্ষীক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল ড্ৰাগ্ছ মাফিয়া চাহজাহানে। আৰু পলাবলৈ লওতেই চাহজাহানৰ ভৰিত গুলীয়ায় আৰক্ষীয়ে।

গুলীবিদ্ধ চাহজাহানক প্ৰথমে নগাঁও অসমাৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী GMCHলৈ প্ৰেৰণ কৰে৷

তালাচী চলাবলৈ যোৱা আৰক্ষীয়ে চাহজাহানৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমাণৰ ড্ৰাগ্ছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...