ৰাজ্যৰ চৌপাশে শিপাইছে চাইবাৰ অপৰাধীৰ জাল

গুৱাহাটী মহানগৰীৰ পৰা চলি অহা আন্তঃৰাষ্ট্ৰীয় হাইপ্ৰফাইল চাইবাৰ অপৰাধৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যৰ চৌদিশে আৰক্ষীয়ে চলাইছে চাইবাৰ অপৰাধ বিৰোধী অভিযান। নগাঁও আৰক্ষীয়ে এটা সপ্তাহত অভিযান চলাই উৎখাত কৰিলে এটা ভয়ংকৰ চাইবাৰ অপৰাধ চক্ৰ। বটদ্ৰৱাত কুখ্যাত চাইবাৰ অপৰাধী ইক বাল হুছেইন জালত পৰাৰ পিছতে এই অভিযান আৰু অধিক তীব্ৰতৰ হৈ পৰিছে।

ৰাজ্যৰ চৌপাশে শিপাইছে চাইবাৰ অপৰাধীৰ জাল
গুৱাহাটীৰ পিছত নগাঁৱত সক্ৰিয় চাইবাৰ নেটৱৰ্ক
কুৰিয়াৰ ছাৰ্ভিচৰ নামত প্ৰৱঞ্চনা, গ্ৰেপ্তাৰ ৩


শেহতীয়াকৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰা ৰাজ্যৰ চৌপাশে বিয়পি পৰিছে ভয়ংকৰ চাইবাৰ অপৰাধীৰ নেটৱৰ্ক। উজনিৰ পৰা নামনিলৈ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ অভিকেন্দ্ৰ আছিল গুৱাহাটী। গুৱাহাটী আৰক্ষীৰ অভিযানত উৎখাত আন্তঃৰাষ্ট্ৰীয় চাইবাৰ চক্ৰ।

কেৱল গুৱাহাটীয়েই নহয়, নগাঁও জিলাৰ পৰা নিয়ন্ত্ৰণ হৈছে এখন চাইবাৰৰ জাল। চাইবাৰ চক্ৰৰে জড়িত থকাৰ অভিযোগত সম্প্ৰতি নগাঁও আৰক্ষীৰ জিম্মাত আছে মজিবুৰ ৰহমান, মছকুৰ ৰহমান, হাৰুণ ৰছিদ। এই ৩ কুখ্যাত চাইবাৰ অপৰাধীৰ পৰা জব্দ ৫০০ খনতকৈও অধিক ছিম কাৰ্ড।
আৰক্ষীৰ গোপন অভিযানত জালত পৰিল ৩ চাইবাৰ অপৰাধী
আৰক্ষীৰ জেৰাত নিজে কৰা অপৰাধনামা বৰ্ণনা ৩ অভিযুক্তৰ

সাধাৰণ লোকৰ তেজ শুহি খোৱা এনে তেজপিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব? নে এই অভিযান ইয়াতেই থমকি ৰ’ব?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...