এয়াৰ ইণ্ডিয়াৰ পিছত ইণ্ডিগ’, স্পাইচজেটটো কাৰিকৰী বিজুতি

লেহ অভিমুখী এখন বিমান দিল্লীৰ পৰা উৰণৰ পিছত মাজ আকাশৰ পৰা পুনৰ দিল্লী বিমানবন্দৰলৈ ঘূৰি আহিল। প্ৰাথমিক তথ্য অনুসৰি, ইণ্ডিগ’ৰ এই বিমানখনত প্ৰযুক্তিগত সমস্যাৰ বাবে পুনৰ দিল্লীলৈ ঘূৰাই অনা হৈছে। পিছত ইণ্ডিগ’ই এক বিবৃতিত জনায় যে, উৰাৰ সময়ত কোনো জৰুৰী পৰিস্থিতি ঘোষণা কৰা নাছিল। তথাপি সতৰ্কতামূলক ব্যৱস্থাৰ বাবে বিমানখন ঘূৰাই অনা হৈছে।

ইণ্ডিগ’ৰ ৬ই ২০০৬ নম্বৰৰ বিমানখনে বৃহস্পতিবাৰে পুৱা ৬:৩০ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লেহৰ উদ্দেশ্যে ৰাওনা হৈছিল। পুৱা ৭:৫০ বজাত বিমানখন লেহ বিমানবন্দৰত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু মাজ আকাশৰ পৰাই বিমানখন পুনৰ দিল্লী বিমানবন্দৰলৈ ঘূৰাই অনা হয়। যাত্রীসকলৰ অসুবিধাৰ কথা স্বীকাৰ কৰি উৰাজাহাজ সংস্থাই দাবী কৰে যে, তেওঁলোকে যাত্রীৰ নিৰাপত্তাক সৰ্বাধিক গুৰুত্ব দিয়ে। ইণ্ডিগ’ই বিবৃতিত জনায় যে এই বিমানৰ যাত্রীসকলক লেহলৈ পঠোৱাৰ বাবে এখন বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে।

ইণ্ডিগ’ৰ বিবৃতি অনুসৰি, প্ৰযুক্তিগত কিছু সমস্যাৰ বাবে লেহ বিমানবন্দৰত অৱতৰণৰ পথত বাধাৰ সৃষ্টি হৈছিল। সেইকাৰণে বিমানখন পুনৰ দিল্লীলৈ ঘূৰাই অনা হৈছে। ইয়াৰ পূৰ্বে বুধবাৰে দিল্লীৰ পৰা ছত্তীশগড়ৰ ৰায়পুৰলৈ যোৱা ইণ্ডিগ’ৰ এখন বিমানতো যান্ত্ৰিক ত্রুটি ধৰা পৰা বুলি দাবী কৰা হৈছে। উৰাজাহাজ সংস্থাৰ ৬ই ৬৩১২ নম্বৰৰ বিমানখনত ছত্তীশগড়ৰ প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্রেছ নেতা ভূপেশ বাঘেলো আছিল। বুধবাৰে ৰায়পুৰ বিমানবন্দৰত বিমানখনে নিৰাপদে অৱতৰণ কৰিছিল। কিন্তু যাত্রীসকলে বিমানৰ পৰা নামি অহাৰ সময়ত সমস্যাৰ সৃষ্টি হয়। যান্ত্ৰিক ত্রুটিৰ বাবে বিমানৰ দুৱাৰ খুলিব পৰা নাছিল। প্ৰায় আধা ঘণ্টা ধৰি বঘেলৰ লগতে অন্য যাত্রীসকল বিমানৰ ভিতৰত আবদ্ধ হৈ থাকে। পিছত দুৱাৰ খোল খায় আৰু সকলোৱে নিৰাপদে বাহিৰলৈ ওলাই আহে।

বৃহস্পতিবাৰে হায়দৰাবাদৰ পৰা তিৰুপতিলৈ যোৱা স্পাইচজেটৰ এখন বিমানতো প্ৰযুক্তিগত সমস্যা ধৰা পৰে। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা ৰাওনা হোৱাৰ পিছত এছজি ২৬৯৬ নম্বৰৰ বিমানখন পুনৰ হায়দৰাবাদলৈ ঘূৰাই অনা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...