দেও‍বাৰৰ পৰা অসমত আৰম্ভ হ’ব ADRE নিযুক্তি পৰীক্ষা

নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে অসমত। চৰকাৰী পদ ১২,৬০০টা, প্ৰাৰ্থী ৩২ লাখৰো অধিক। দেও‍বাৰৰ পৰা অসমত আৰম্ভ হ’ব ADRE নিযুক্তি পৰীক্ষা। পৰীক্ষাগৃহত কি নিব পাৰিব, কি নিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে। অসৎ উপায় অৱলম্বন কৰিলে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ। দেওবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যিক ভিত্তিত বাছনি পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ছেবাক। পৰীক্ষাৰ প্ৰস্তুতিৰ তদাৰক কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে পৃথকে পৃথকে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে। একে সময়তে এটা চৰকাৰী চাকৰিৰ আশাত এতিয়া দিনে–নিশাই প্ৰস্তুতিত ব্যস্ত আছে ৰাজ্যৰ লাখ লাখ নিবনুৱা। তাৎপৰ্যপূৰ্ণভাৱে নিবনুৱা সমস্যাই ইতিমধ্যে ভয়াৱহ ৰূপ লোৱা অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মাঁথো ১২,৬০০টা পদৰ বিপৰীতে আবেদন কৰিছে প্ৰায় ৩২ লাখৰো অধিক প্ৰাৰ্থীয়ে। ১৫, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গৰ পৰীক্ষাত থাকিব উচ্চতৰ মাধ্যমিক, স্নাতক পৰ্যায়ৰ প্ৰশ্নকাকত। বিভিন্ন জিলাৰ মুঠ ২৩০৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ১৮ লাখ ৫০ হাজাৰ পৰীক্ষাৰ্থী। স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ হিচাপে চিহ্নিত ৪২৯টা কেন্দ্ৰ। দুটা দিনত তৃতীয় বৰ্গৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে ছেবাই অক্টোবৰ মাহত অনুষ্ঠিত কৰিব চতুৰ্থ বৰ্গৰ পৰীক্ষা। ২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। উচ্চ মাধ্যমিক আৰু অষ্টম শ্ৰেণীৰ পৰ্যায়ত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ১৩ লাখ ৭০ হাজাৰ পৰীক্ষাৰ্থী। উল্লেখ্য যে বহু প্ৰাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দুয়োটা পৰীক্ষাৰ বাবেই কৰিছে আবেদন। আনকি একাংশ প্ৰাৰ্থীয়ে তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ বাবেও পৃথকে পৃথকে আবেদন কৰিছে। ১৫ ছেপ্টেম্বৰত উচ্চতৰ মাধ্যমিক আৰু ২৯ ছেপ্টেম্বৰত স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি ২৯ ছেপ্টেম্বৰত গাড়ীচালক পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা।

ইপিনে প্ৰতিটো কেন্দ্ৰতে সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও ইতিমধ্যে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছে ৰাজ্যিক ভিত্তিত গঠিত নিযুক্তি আয়োগে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থাকিব এজন ৰাজপত্ৰিত বিষয়া। সকলো পৰীক্ষা কেন্দ্ৰতে থাকিব চিচিটিভি কেমেৰাৰ ব্যৱস্থা। স্পৰ্শকাতৰ কেন্দ্ৰসমূহত নিয়োজিত কৰা হ’ব অতিৰিক্ত নিৰাপত্তাৰক্ষী। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে নিযুক্তি আয়োগে। পৰীক্ষাগৃহলৈ নিব নোৱাৰিব মোবাইল, ইলেক্ট্ৰ’নিক গেজেট, পানীৰ বটল। পৰীক্ষাগৃহৰ বাহিৰত নিজৰ তত্ত্বাৱধানত ৰাখিব লাগিব মোবাইল, ইলেক্ট্ৰ’নিক গেজেট আদি। ঘড়ী, কেলকুলেটৰ আদিও নিষিদ্ধ পৰীক্ষাগৃহত। ইয়াৰ বিপৰীতে পৰীক্ষাৰ্থীয়ে লগত নিব পাৰিব কলম, পেঞ্চিল, ৰবৰ আদি। এডমিট কাৰ্ড আৰু যিকোনো এখন পৰিচয় পত্ৰ লগত নিব লাগিব পৰীক্ষাৰ্থীয়ে। আনহাতে পৰীক্ষা গৃহত অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাসমূহৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে নিয়ুক্তি আয়োগে। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু হ’ব গোচৰ। ন্যূনতম ১ লাখ টকা জৰিমনা, ৩ বছৰ পৰ্যন্ত হ’ব জে’ল। পৰৱৰ্তী দুবছৰপৰ্যন্ত দিব নোৱাৰিব কোনো নিযুক্তি পৰীক্ষা। লগতে এঠাইৰ পৰা আন এঠাইলৈ পৰীক্ষাৰ্থীসকলৰ অহা যোৱাৰ সুবিধাৰ্থে চৰকাৰে বিশেষ ৰে’ল সেৱা বাছ সেৱাৰো ব্যস্থা গ্ৰহণ কৰিছে। বিভিন্ন জিলাত চলিব বিশেষ বাছ সেৱা। ১২খন বিশেষ ৰে’ল চলাচলৰো ব্যৱস্থা। পৰীক্ষাৰ্থীসকলক দুঘণ্টা পূৰ্বে পৰীক্ষাগৃহত উপস্থিত হোৱাৰ বাবেও আহ্বান জনাইছে ৰাজ্যিক ভিত্তিত নিযু্ক্তি আয়োগে।

Popular

More like this
Related

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...