পকেট মাৰৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী অভিনেত্ৰী!

পকেট মাৰৰ অভিযোগত কলকাতা গ্ৰন্থমেলাত গ্ৰেপ্তাৰ ৰূপা দত্ত নামৰ এগৰাকী অভিনেত্ৰী। নিজকে বলিউডৰ অভিনেত্ৰী বুলি পৰিচয় দিয়া ৰূপা দত্তৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬৫ হাজাৰ ৭৬০ টকাৰ লগতে কেইবাটাও মনিবেগ। কলকাতা গ্ৰন্থমেলাত সন্দেহজনক গতি বিধি লক্ষ্য কৰি আছিল আৰক্ষীয়ে। ইয়াৰ পিছতে আটক কৰে অভিনেত্ৰীগৰাকীক।

ৰূপা দত্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলে আহিছে কেইবাটাও বিস্ফোৰক তথ্য। বলিউডৰ প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰিছিল ৰূপা দত্তই। ২০২০ চনত এই অভিযোগ উত্থাপন কৰি সংবাদ শিৰোনাম দখল কৰিছিল ৰূপা দত্তই। নিজৰ ফেছবুক প্ৰফাইলত অনুৰাগ কাশ্যপৰ সৈতে হোৱা বাৰ্তালাপৰ কিয়দাংশ পষ্ট কৰিছিল ৰূপা দত্তই।কিন্তু পিচত জনা গৈছিল যে চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপ নহয় অন্য এজন অনুৰাগ কাশ্যপৰ সৈতেহে কথা পাতিছিল ৰূপা দত্ত। জয় মা বৈষ্ণদেৱী নামৰ এখন হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল ৰূপা দত্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...