FZ আৰু ছুইফট ডিজায়াৰৰ মাজত সংঘৰ্ষ, গুৰুতৰভাবে আহত দুজন

শিৱৰাত্ৰিৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে পথ দুৰ্ঘটনা। ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৰায়েং তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৰায়েং তিনিআলিত FZ পুৰণি মডেলৰ এখন বাহন আৰু ছুইফট ডিজায়াৰ বাহনৰ মাজত সংঘৰ্ষ হয়।

এই সংঘৰ্ষত বাইক আৰোহী দুজন গুৰুতৰভাবে আহত হৈছে। গুৰুতৰভাবে আহত জোনাইৰ লাইমেকুৰীৰ জিতেন দলে আৰু দীনেশ মিচং।

সংকটজনক অৱস্থাত থকা দুয়োজন যুৱকক প্ৰথমে জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...