হৰিষত বিষাদ! এফালে ফাকুৱাৰ আনন্দ, আনফালে শোকাৱহ দুৰ্ঘটনা

ফাকুৱাৰ আনন্দৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণহানি কেইবাজনো লোকৰ। শদিয়াত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন যুৱক। মৃত যুৱকজন টিংখাঙৰ পুলক গগৈ। আনহাতে বকোত মেজিকৰ খুন্দাত নিহত হয় এজন লোক। প্ৰাতঃভ্ৰমণ কৰি থকাৰ সময়তেই দুৰ্ঘটনাৰ সূত্ৰপাত ঘটে। নিহত লোকজন বকোৰ আগছিয়াৰ চাদেক আলী।

ইফালে, তিতাবৰ-গোলাঘাট সংযোগী ধোদৰ আলি পথত দুৰ্ঘটনা সংঘটিত হয়। পথৰ দাঁতিত থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটাত খুন্দা বাইকৰ। দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুই বাইক আৰোহী। আহত সঞ্জয় থাপা, পৱন মলিকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে, তিনিচুকীয়াত চিলিণ্ডাৰ পৰিবাহী ট্ৰাক-ক্ৰেটাৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত ক্ৰেটা বাহনখনৰ চালক। নিহত চালকজনৰ নাম ঈশান বাগৰীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...